হৰাৰ ৰেকৰ্ড কৰিলে পাকিস্তানে, আকৌ হাৰিল ব'ৰ বেয়াকৈ

ডিজিটেল ডেস্কঃ যেন খেলপথাৰ নহয়, যুদ্ধক্ষেত্ৰহে। আজি ভাৰত-পাকিস্তানৰ এখন খুবেই ৰোমাঞ্চকৰ মেচৰ সাক্ষী হ’ল ক্ৰীড়াপ্ৰেমী। স্বাভাৱিকতে ক্ৰিকেটৰ সন্দৰ্ভত কোনো ধৰণৰ খবৰ নৰখা মানুহৰ বাবেও ভাৰত-পাকিস্তানৰ মেচখন গুৰুত্বপূৰ্ণ হৈ পৰে। কাৰণ ২ চিৰবৈৰী ৰাষ্ট্ৰ মুখামুখি হোৱাৰ বাবেই সকলো চাবলৈ ৰৈ থাকে। আৰু আজি আশা কৰাৰ দৰেই ভাৰতীয় দলে সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। 
আজি কলম্বোত অনুষ্ঠিত মেচখনৰ বাবে সকলো আশাৰে ৰৈ আছিল। বিগত এমাহৰে অধিক সময় মানুহ আশাৰে মেচখন চাবলৈ ৰৈ আছিল। এটা সময়ত মেচখন অনুষ্ঠিত হ’বনে নহয় তাক লৈ একপ্ৰকাৰৰ অনিশ্চয়তাই দেখা দিয়ে। আৰু অৱশেষত মেচো অনুষ্ঠিত হ’ল আৰু ভাৰতেও বিজয় সাব্যস্ত কৰে।
টি২০ বিশ্বকাপত এতিয়ালৈকে দুয়োখন দেশ ৯ বাৰ মুখামুখি হৈছে আৰু ইয়াৰে ৮বাৰেই জয়ী হৈছে ভাৰত। ২০০৭ চনৰ টি২০ বিশ্বকাপৰ প্ৰথমটো সংস্কৰণত দুবাৰ মুখামুখি হৈ এখন মেচত ভাৰত ৫ ৰানত জয়ী হোৱাৰ বিপৰীতে আন এখন মেচ দ্ৰ হৈছিল। ইয়াৰ পাছত ২০১২ চনত ৮ উইকেটত ভাৰত জয়ী হৈছিল। 
২০১৪ চনত ৭ উইকেটত জয়ী হৈছিল ভাৰত। ২০১৬ চনত ৬ উইকেটত জিকিছিল ভাৰত। অৱশ্যে ২০২১ চনৰ মুখামুখিত প্ৰথমবাৰৰ বাবে বিশ্বকাপ টি২০ত ভাৰতীয় দলক পৰাজিত কৰিবলৈ সক্ষম হয় পাকিস্তানে৷ 
পৰৱৰ্তী সময়ত ২০২৪ বৰ্ষৰ বিশ্বকাপত পুনৰ ভাৰতীয় দলে পাকিস্তানক ৬ ৰানত পৰাস্ত কৰে আৰু আজি পাকিস্তানক ভাৰতে ৬১ ৰানত হৰুৱাবলৈ সক্ষম হয়। ব্যতিক্ৰমী বলিং শৈলীৰে খলকনি তোলা উচমান তাৰিকে ভাৰতক চিন্তাত পেলাব বুলি আশংকা কৰা হৈছিল যদিও সেয়া হৈ নুঠিল। 
ভাৰতৰ উইকেট দখল কৰিছিল যদিও ইশান কিষাণৰ লগতে অধিকাংশ ভাৰতীয় বেটাৰেই নিজৰ সুন্দৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। এতিয়া আকৌ এবাৰ ভাৰতে পাকিস্তানক হৰুৱাই নিজৰ ব্যতিক্ৰমী খেল দেখুৱাবলৈ সক্ষম হয়। 
এনে পৰিস্থিতিত প্ৰতিবছৰে পাকিস্তানত টিভি ভাঙি একাংশই ক্ষোভ প্ৰদৰ্শন কৰা দেখা যায় আৰু আজিও পাকিস্তানত তেনে পৰিৱেশ হৈছে নেকি বুলি সামাজিক মাধ্যমত বিভিন্ন লোকে প্ৰশ্ন কৰিছে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *