ভূপেন বৰা আকৌ উভতিব কংগ্ৰেছলৈ, কংগ্ৰেছ হাইকামাণ্ডৰ ফোনলৈ অপেক্ষা

কংগ্ৰেছলৈ পুনৰ উভতিব পাৰে সদপদত্যাগী ভূপেন বৰা! 
দলৰ হাইকামাণ্ডলৈ এটা বিশেষ চৰ্ত বান্ধি দি প্ৰদেশ কংগ্ৰেছলৈ উভতি যোৱাৰ ইচ্ছা প্ৰকাশ ভূপেন বৰাৰ।
মুখ্যমন্ত্ৰী বাসগৃহত উপস্থিত হোৱাৰ পাছতো কংগ্ৰেছলৈ উভতি যোৱাৰ ইংগিত ভূপেন বৰাৰ।
কংগ্ৰেছৰ হাইকামাণ্ডে যদি বৰ্তমানৰ APCC ক ৰকিবুল মুক্ত APCC বুলি আশ্বাস দিয়ে তেন্তে কংগ্ৰেছলৈ উভতিব ভূপেন বৰা।
বৰ্তমানৰ অসম প্ৰদেশ কংগ্ৰেছ 'R' মুক্ত নহয় বাবে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছো বুলি দাবী ভূপেন বৰাৰ।
সাংসদ ৰকিবুল হুছেইনৰ নাম উচ্চাৰণ নকৰাকৈ অসম প্ৰদেশ কংগ্ৰেছৰ বিৰুদ্ধে বিষোদগাৰ ভূপেন বৰাৰ।
যদি এই মূহুৰ্ততো হাইকামাণ্ড আৰু প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই APCC 'R' মুক্ত বুলি আশ্বাস দিয়ে মূহুৰ্ততে কংগ্ৰেছলৈ উভতি যাব ভূপেন বৰা।
কিন্তু অসম প্ৰদেশ কংগ্ৰেছ 'R' যুক্ত হৈ থাকে তেন্তে আৰু কেতিয়াও কংগ্ৰেছলৈ উভতি নাযাওঁ বুলি দাবী কৰিলে ভূপেন বৰাই। 
অৱশ্যে এতিয়াও অসম প্ৰদেশ কংগ্ৰেছ 'R' মুক্ত হোৱা নাই বুলি দলটোৰ হাইকামাণ্ড অথবা ৰাজ্যিক নেতৃত্বই যোগাযোগ কৰা নাই ভূপেন বৰাক। 
টিকট ভাগ বতৰোৱাক লৈ সাংসদ ৰকিবুল হুছেইনৰ দপদপনিৰ বাবে কংগ্ৰেছ দলৰ ভিতৰত সৃষ্টি হৈছে তীব্ৰ অন্তঃকন্দল।
মই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ AIUDF ৰ দৰে সাম্প্ৰদায়িক শক্তিক নিঃশেষ কৰিছিলোঁ বুলি দাবী ভূপেন বৰাৰ।
অৱশ্যে ২২ ফেব্ৰুৱাৰীত ভূপেন বৰাই বিজেপিত যোগদান কৰিব বুলি দাবী কৰিছে মুখ্যমন্ত্ৰীয়ে।
ভূপেন বৰাৰ বাসগৃহত উপস্থিত হোৱাৰ পাছতেই সংবাদমেল‌যোগে এই দাবী কৰিলে মুখ্যমন্ত্ৰীয়ে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *