ডিজিটেল ডেস্কঃ ভূপেন বৰাৰ দলত্যাগেও দৰ্প চূৰ্ণ কৰিব পৰা নাই গৌৰৱ গগৈৰ। আজি সংবাদমেল সম্বোধন কৰি নিজকে বিজেপিতকৈ অধিক শক্তিশালী বুলি দাবী কৰিলে গৌৰৱে। ভূপেন বৰাৰ দলত্যাগে কংগ্ৰেছক ক্ষতি কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত একপ্ৰকাৰে নাম নোলোৱাকৈয়ে ভূপেন বৰা নোহোৱা হৈ যাব বুলি ক’লে গৌৰৱ গগৈয়ে।
বিজেপি মিত্ৰজোঁটৰ লগত থাকি অগপ দল নোহোৱা হৈ গৈছে বুলি মন্তব্য কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। গৌৰৱ গগৈৰ মতে, বিজেপিৰ তুলনাত আমি যথেষ্ট আগবাঢ়ি আছো। দেখিছে নহয় বিজেপি মিত্ৰজোঁটৰ লগত থাকি অগপ নোহোৱা হৈ গৈছে। এটা সময়ত BPF নোহোৱা হৈ গৈছিল। তাৰ পৰা UPPL আহিলে আৰুপ UPPLৰো একেই হ’ল। নোহোৱা হৈ গ’ল।’
ইফালে কংগ্ৰেছৰ লগত মিত্ৰতা কৰিলে লাভ হয় বুলি কৈ কিন্ত বিজেপিৰ লগত মিত্ৰতা কৰিলে সকলো দলৰ ক্ষতি হয় বুলিও মন্তব্য কৰিলে কংগ্ৰেছ নেতাগৰাকীয়ে। গৌৰৱ গগৈৰ মুখত সৰ্বানন্দ সোণোৱালৰ প্ৰসংগ। সৰ্বানন্দ সোণোৱাল নোহোৱা হৈ গ’ল বুলি কংগ্ৰেছ নেতাগৰাকীয়ে সাংবাদিকৰ আগত কয়।
ভূপেন বৰাই কামাখ্যা আৰু বৰদোৱা থানৰ সন্মুখত শপত খাই বিজেপিলৈ নাযাওঁ বুলি কোৱাৰ প্ৰসংগও শুনিবলৈ পোৱা গ’ল গৌৰৱৰ মুখত। লোকসভাৰ সাংসদগৰাকীয়ে যি মানুহে কামাখ্যা আৰু বৰদোৱা থানৰ সন্মুখত শপত খাই কোৱা কথা সলনি কৰিব পাৰে তেওঁৰ কথাৰ কিবা যোগ্যতা আছে জানো বুলি প্ৰশ্ন কৰে।
মুখ্যমন্ত্ৰীয়ে হিন্দুৰ চাৰ্টিফিকেট দিয়াৰ কামো বন্ধ কৰক বুলি মন্তব্য গৌৰৱ গগৈৰ। যোৰহাটৰ সাংসদগৰাকীয়ে ‘মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাই মহিলাক অশ্লীল ইংগিত দিয়া বিষয়াটোক লৈ আৰক্ষী ক’লৈ গ’ল’ বুলিও প্ৰশ্ন কৰে।
লগতে গগৈয়ে কয়, ‘এইবাৰ নতুন কংগ্ৰেছ আৰু পুৰণি কংগ্ৰেছৰ মাজত যুঁজ হ’ব। বিজেপিত সকলো নতুন কংগ্ৰেছী। বিজেপি কৰ্মী বিজেপিত নোহোৱা হ’ল।’ ভূপেন বৰাৰ দলত্যাগৰ পাছত এনেদৰে সংবাদমেল পাতি আজি গৌৰৱ গগৈয়ে বিজেপি আৰৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰা দেখা যায়।
