ডিজিটেল ডেস্কঃ বুধবাৰে অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। কংগ্ৰেছৰ শক্তি বৃদ্ধি কৰিবলৈ অসমত কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰিব কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।
পুৱা ১০.৩০ বজাত গুৱাহাটীত উপস্থিত হ’বলগীয়া কংগ্ৰেছ নেত্ৰীগৰাকীয়ে অংশ ল’ব কংগ্ৰেছৰ স্ক্ৰীনিং কমিটীৰ বৈঠকত। দিনৰ ১১ বজাৰ পৰা নিশা ১২ বজালৈ অনুষ্ঠিত হ’বলগীয়া বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।
এই বৈঠকত স্ক্ৰীনিং কমিটীৰ ৩গৰাকী সদস্যও উপস্থিত থাকিব। ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগৰ পাছত একপ্ৰকাৰে দলটো ক্ষতিগ্ৰস্ত হৈছে। গতিকে ডেমেজ কন্ট্ৰ’ল কৰিবলৈ চেষ্টা কৰিব নেত্ৰীগৰাকীয়ে।
অসমৰ নিৰ্বাচনৰ দায়িত্বত থকা AICC নেত্ৰী গৰাকীগৰাকীয়ে ৰাজীৱ ভৱনত নিৰ্বাচনী সমিতিৰ বৈঠকত অংশ লোৱাৰ সম্ভাৱনা আছে। একেদৰে অসমৰ নিৰ্বাচনী কমিটীৰ ৫ গৰাকী অধ্যক্ষৰ সৈতেও বহিব পাৰে বৈঠকত।
কংগ্ৰেছৰ সকলো বিধায়কৰ সৈতে সুকীয়াকৈ নেত্ৰীগৰাকীয়ে বৈঠকত অংশগ্ৰহণ কৰিব পাৰে। ৩৫ জিলা সভাপতিৰ সৈতেও নেত্ৰীগৰাকীয়ে বিভিন্ন বিষয় আলোচনা কৰাৰ সম্ভাৱনা আছে।
