ডিজিটেল ডেস্কঃ কেতিয়াবা নজনাকৈ ভুল হৈ যায় আৰু কেতিয়াবা আমি আমাৰ চাৰিওকাষে কি আছে মন নকৰাৰ বাবেই বিপদত পৰো। কংগ্ৰেছ নেতৃত্বৰো দশা একেই হৈছে। কংগ্ৰেছ ত্যাগৰ পাছতে ভূপেন বৰাৰ নামেই শুনিব নিবিচাৰে কংগ্ৰেছীয়ে।
ৰাজীৱ ভৱন এসময়ত ভূপেন বৰাৰ নিয়ন্ত্ৰণত আছিল। এসময়ত মানে এসপ্তাহৰ আগলৈকে নিজৰ নিয়ন্ত্ৰণত ৰখা ৰাজীৱ ভৱনত এতিয়া ভূপেন বৰাৰ নাম শুনিলেই খং উঠে কংগ্ৰেছীৰ। সাংবাদিকৰ আগত মন্তব্য দিয়াৰ সময়তে এই কথা স্পষ্ট হৈছে।
পিছে ভূপেন বৰাৰ নাম শুনিলেই খং উঠা কংগ্ৰেছী নেতাই মনেই কৰা নাছিল ৰাজীৱ ভৱনত কাৰ কাৰ ফটো ওলমি আছে। সেই কথাকেই যেন প্ৰমাণ হ’ল। এতিয়াও ৰাজীৱ ভৱনত জিলিকি আছে ভূপেন বৰাৰ ফটো।
দলত্যাগৰ দুদিন পাছতো ৰাজীৱ ভৱনত ওলমি আছে ভূপেন বৰাৰ ফটো। অৱশ্যে এই সন্দৰ্ভত কোনো কথা সুধিলে উত্তৰ দিবলৈ সাজু নহয় কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া। ভূপেন বৰা সন্দৰ্ভত কোনো মন্তব্য নিদিও বুলি ক’লে দেৱব্ৰত শইকীয়াই।
উল্লেখ্য যে, ভূপেন বৰাৰ নাম লৈ গালি পাৰি থকা নেতাই মন কৰা নাছিল কাৰ্যালয়ত যে ওলমি আছে ভূপেন বৰাৰ ফটো সম্বলিত পোষ্টাৰ। সেয়া সাংবাদিকৰ প্ৰশ্নৰ পাছতহে মন কৰিছে কংগ্ৰেছ নেতাসকলে। গতিকে, চাৰিওকাষত কি কি আছে সকলো সময়তে চকু দিব লাগে বুলি আকৌ এবাৰ শিক্ষা পালে কংগ্ৰেছ নেতাসকলে।
