ডিজিটেল ডেস্কঃ সঁচাকৈয়ে বেয়া দিন চলিছে কংগ্ৰেছৰ। এই বেয়া দিনত কংগ্ৰেছেও যেন চিনিছে কোন আশীৰ্বাদ আৰু কোন অভিশাপ। ভূপেন বৰাৰ পদত্যাগৰ পাছতে আন এজন নেতাই এৰিলে কংগ্ৰেছ।
‘কংগ্ৰেছ এতিয়া মিঞাৰ দল’ বুলি কৈ দল এৰিলে MOBCৰ অধ্যক্ষ ভৱ বৰাই। বৰাই কংগ্ৰেছ ত্যাগ কৰি ৰকিবুল হুছেইনৰ বিৰুদ্ধেও গৰজি উঠে। APCCৰ সভাপতি গৌৰৱ গগৈকো তীব্ৰ সমালোচনা কৰে নেতাগৰাকীয়ে।
গৌৰৱ গগৈক সভাপতিৰ অযোগ্য আখ্যা দি গগৈক দলৰ সাধাৰণ সদস্যই ঢুকি নোপোৱাৰ অভিযোগ উত্থাপন কৰে। কংগ্ৰেছত খিলঞ্জীয়া মানুহ থাকিব নোৱাৰে বুলিও মন্তব্য কৰে ভৱ বৰাই।
ৰকিবুল হুছেইনৰ মতেহে কংগ্ৰেছ চলি থকাৰ অভিযোগ উত্থাপন কৰে সদ্য পদত্যাগী নেতাগৰাকীয়ে। উল্লেখ্য যে, মাত্ৰ কেইদিনমান পূৰ্বে ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰাৰ পাছৰে পৰা ইজনৰ পাছত সিজন নেতাই কংগ্ৰেছক বিদায় দিছে।
নেতা-কৰ্মীৰ দলত্যাগক যিমানেই সহজভাৱে বুজাবলৈ চেষ্টা কৰিলেও অৱশ্যে দলৰ যে ক্ষতি হৈছে সেই কথা একপ্ৰকাৰে সকলোৱে বুজি উঠিছে। মাত্ৰ কেইদিনমানৰ পাছতে ৰাজ্যত বিধানসভা নিৰ্বাচন। গতিকে এনেদৰে নিৰ্বাচনৰ পূৰ্বে নেতাই দলত্যাগ কৰাৰ খবৰ কংগ্ৰেছৰ বাবে অশনি সংকেট সেয়া নিশ্চিত।
প্ৰাপ্ত খবৰ অনুসৰি, এতিয়াও বহুকেইজন নেতা সাজু হৈ আছে দলত্যাগ কৰিবলৈ। অৱশ্যে কোনে কোনে কংগ্ৰেছ ত্যাগ কৰে সেয়া এতিয়াও নিশ্চিত হোৱা নাই। একাংশই নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কংগ্ৰেছ ত্যাগ কৰিব যদিও আন একাংশই নিৰ্বাচনৰ টিকট লাভ নকৰিলেই কংগ্ৰেছ ত্যাগ কৰিব বুলি ওলাইছে খবৰ।
