ইখনৰ পাছত সিখন ৰাজ্যত বিপৰ্যৰ সন্মুখীন হৈছে কংগ্ৰেছ দল।কৰ্ণাটকত মুখ্যমন্ত্ৰীৰ আসন কেন্দ্ৰিক সংঘাতে লৈছে চূড়ান্ত ৰূপ।'কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসন কেন্দ্ৰিক সংঘাতৰ সৈতে যোগসূত্ৰ আছে অসম প্ৰদেশ কংগ্ৰেছৰ'।কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামায়াক অপসাৰিত কৰিবলৈ শক্তিশেল প্ৰয়োগ কৰিছে উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে।
'কৰ্ণাটকত সিদ্দাৰামায়াৰ পৰা মুখ্যমন্ত্ৰী আসন কুক্ষিগত কৰিবলৈ ডি কে শিৱকুমাৰে সহায় বিচাৰিছে প্ৰদেশ কংগ্ৰেছ'। কংগ্ৰেছৰ হাইকামাণ্ডক সৈমান কৰিবলৈ ডি কে শিৱকুমাৰে গৌৰৱ গগৈৰ সৈতে কোটি টকাৰ ডীল কৰিছে বুলিও চৰ্চা হৈছে।
ভূপেন বৰাৰ পদত্যাগৰ পাছতেই ৰাজনৈতিক মহললৈ ওলাই আহিছে কংগ্ৰেছৰ কোটি টকাৰ ডীল সংক্ৰান্তীয় লেতেৰা খেলখন।
ইতিমধ্যে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ অগোচৰে অষ্ট্ৰেলিয়া-নিউজিলেণ্ড ভ্ৰমণলৈ গৈছে কংগ্ৰেছৰ ২২ জনকৈ বিধায়ক।
কংগ্ৰেছৰ ২২ বিধায়কৰ বিদেশ ভ্ৰমণৰ পাছতেই কৰ্ণাটকৰ ৰাজনীতিত সৃষ্টি হৈছে ধুমুহা। মুখ্যমন্ত্ৰী সিদ্দাৰামায়াৰ অগোচৰে বিদেশ ভ্ৰমণলৈ যোৱা ২২ কংগ্ৰেছৰ বিধায়ক ডি কে শিৱকুমাৰৰ গোটৰ বুলি চৰ্চা হৈছে।কৰ্ণাটকত মুখ্যমন্ত্ৰীৰ আসন কুক্ষিগত কৰিব বিচৰা সেইজন ডি কে শিৱকুমাৰকে অসম কংগ্ৰেছৰ পৰ্যবেক্ষক হিচাপে দায়িত্ব দিছে দলটোৰ হাইকামাণ্ডে।
খবৰ অনুসৰি, ২৬ ত নিৰ্বাচন খেলিবলৈ অসম কংগ্ৰেছৰ নেতৃত্বই কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী শিৱকুমাৰৰ পৰা বিচাৰিছে কোটি টকা। অসম কংগ্ৰেছক নিৰ্বাচন খেলিবলৈ কোটি টকাৰ ধন দিয়াৰ বিনিময়ত ডি কে শিৱকুমাৰে প্ৰতিদান বিচৰা বুলিও অভিযোগ উঠিছে।
চৰ্চা অনুসৰি, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী আসনত অধিস্থিত হ'বলৈ গান্ধী পৰিয়ালৰ ঘনিষ্ঠ গৌৰৱ গগৈৰ পৰা সহায় বিচাৰিছে ডি কে শিৱকুমাৰে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী আসনৰ পৰা সিদ্দাৰামায়াক আঁতৰাবলৈ গান্ধী পৰিয়ালক হেঁচা দিবলৈ গৌৰৱ গগৈক শিৱকুমাৰে প্ৰস্তাৱ দিয়া বুলিও চৰ্চা চলিছে। বিনিময়ত অসম প্ৰদেশ কংগ্ৰেছক নিৰ্বাচন খেলিবলৈ কোটি টকাৰ ধন যোগানৰ দায়িত্ব ল'বলৈ ডি কে শিৱকুমাৰ ৰাজি বুলিও চৰ্চা চলিছে।
