বিৰোধীৰ শিবিৰত বলিছে নেকি কংগ্ৰেছ বিৰোধী বতাহ? কংগ্ৰেছক একাষৰীয়া কৰি বিৰোধীৰ বৈঠক

হঠাৎ বিৰোধীৰ শিবিৰত বলিছে নেকি কংগ্ৰেছ বিৰোধী বতাহ?
প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণৰ দিনটোতেই কংগ্ৰেছক একাষৰীয়া কৰি গুৱাহাটীত অনুষ্ঠিত হ'ল বিৰোধীৰ বৈঠক। 
আসন ভাগ বতৰোৱাক লৈ কংগ্ৰেছ আৰু বিৰোধী আন দল সমূহৰ মাজত বৃদ্ধি পাইছে নেকি দূৰত্ব ?
বৃহস্পতিবাৰে কংগ্ৰেছৰ অবিহনেই বৈঠকত বহিল অখিল গগৈ,লুৰিণজ্যোতি গগৈ,CPI(M)ৰ সুপ্রকাশ তালুকদাৰ,অজিত কুমাৰ ভূঞা।
বিৰোধীৰ এই বৈঠকলৈ কংগ্ৰেছৰ দলৰ কোনো নেতাক আমন্ত্ৰণ নকৰাটোক লৈ সৃষ্টি হৈছে কেইবাটাও প্ৰশ্ন।
কংগ্ৰেছ দলে বিৰোধীৰ আনদল সমূহৰ আশা আকাংক্ষাক উপেক্ষিত কৰিছে নেকি বুলিও চৰ্চা চলিছে।
সন্মানজনক আসন নাপালে কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰিব পাৰে ৰাইজৰ দল,অঃজাঃপঃ,CPI(M) দৰে বিৰোধী দলসমূহে।
কংগ্ৰেছ দলে কেৱল নিজক শক্তিশালী কৰিবলৈ ৰাজনৈতিক কুচকাৱাজ অব্যাহত ৰখাৰ বিপৰীতে উপেক্ষিত হৈছে অন্যান্য বিৰোধী দল।
খবৰ অনুসৰি, ৰাজ্যৰ ৯৫ খন আসনত প্ৰাৰ্থিত্ব দিব অসম প্ৰদেশ কংগ্ৰেছে।
বিপৰীতে বিৰোধী শিবিৰৰ অন্যান্য দল সমূহলৈ কংগ্ৰেছে এৰিব বিচাৰিছে মাত্ৰ ৩১ খন আসন।
আসন কেন্দ্ৰিক আলোচনালৈ অপেক্ষা কৰা থকা বিৰোধী দলৰ নেতৃত্বই মানিব নেকি কংগ্ৰেছৰ চৰ্ত ?
যদি চৰ্চা হোৱাৰ ধৰণেই কংগ্ৰেছৰ দাবী মানিবলৈ বিৰোধী অন্যান্য দলে অমান্তি প্ৰকাশ কৰে তেন্তে ভংগ হ'ব পাৰে বিৰোধীৰ মিত্ৰতা।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *