প্ৰিয়ংকাই আজি কাক দিব কি বুদ্ধি? বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ কেনেকৈ সাজু কংগ্ৰেছ?

ডিজিটেল ডেস্কঃ কংগ্ৰেছক সঠিক পথ দেখুৱাব পাৰিবনে প্ৰিয়ংকা গান্ধীয়ে? আজি অসমত প্ৰিয়ংকা গান্ধীৰ দ্বিতীয় দিন। অসম ভ্ৰমণ কৰিবলৈ অহা প্ৰিয়ংকা গান্ধীয়ে কালিৰ দিনটোত বহুকেইখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। 
আজি পুৱা ৯.৩০ বজাত ৰাজীৱ ভৱনত উপস্থিত হ’ব কংগ্ৰেছ নেত্ৰীগৰাকী। আজিও বহুকেইখন বৈঠকত অংশগ্ৰহণ কৰিব প্ৰিয়ংকাই। ৰাজীৱ ভৱনত উপস্থিত হৈয়েই পুৱা ৯.৩৫ বজাৰ পৰা বিভিন্ন কোষৰ অধ্যক্ষৰ সৈতে বৈঠকত বহিব ৰাহুল গান্ধীৰ ভগ্নী।
যোৱা নিশা জিলা কংগ্ৰেছৰ সভাপতিসকল তথা বিধায়কসকলৰ সৈতে প্ৰিয়ংকা বৈঠকত বহে। আজি বিভিন্ন কোষৰ অধ্যক্ষসকলৰ সৈতে বৈঠকত সম্পন্ন হোৱাৰ পাছতে কংগ্রেছৰ ৩ গৰাকী কাৰ্যকৰী সভাপতিৰ সৈতেও বৈঠকত বহিব কংগ্ৰেছ সাংসদগৰাকী। 
অসমলৈ আহি সকলোৰে সৈতে পৃথকে বৈঠকত বহি প্ৰতিটো বিষয় ভালদৰে বুজিবলৈ চেষ্টা কৰিছে নেত্ৰীগৰাকীয়ে। আজি নিৰ্বাচনী কমিটিৰ ৪ গৰাকী অধ্যক্ষৰ সৈতে সুকীয়াকৈ আলোচনাত বহিব প্ৰিয়ংকা। 
দুপৰীয়া ১.৩০বজাত দিল্লীলৈ উভতিবলগীয়া কংগ্রেছৰ শীৰ্ষনেত্ৰীগৰাকীয়ে বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ সৈতেও এখন বৈঠকত অংশ ল'ব। ইতিমধ্যে পুৱাৰে পৰা ৰাজীৱ ভৱনত একাংশ নেতাৰ ব্যস্ততাৰ অন্ত নাই। প্ৰিয়ংকা গান্ধীৰ সন্মুখত নিজকে সক্ৰিয় ৰূপত উপস্থাপন কৰিবলৈ দিনে নিশাই কষ্ট কৰিছে একাংশ নেতাই। 
ইফালে প্ৰিয়ংকা গান্ধীৰ লগতে অসমৰ নিৰ্বাচনী পৰ্যবেক্ষকৰ দায়িত্বত থকা কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ, ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলেও কালি অসম ভ্ৰমণ কৰে। পুৱাৰ ভাগত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰ্জাতিক বিমান বন্দৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ, অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ আন জ্যেষ্ঠ নেতাসকলে প্ৰিয়ংকা গান্ধীৰ লগতে দুই পৰ্যবেক্ষকক উষ্ম আদৰণি জনায়। 
ইয়াৰ পাছতে আটায়ে পোনে পোনে কামাখ্যা ধামত উপস্থিত হয়। শক্তিপীঠ কামাখ্যা ধামত মা কামাখ্যাক সেৱা জনাই প্ৰিয়ংকা গান্ধী, ডি কে শিৱকুমাৰ আৰু ভূপেশ ৱাঘেল ৰাজীৱ ভৱনলৈ আহে। ৰাজীৱ ভৱনত গায়ন-বায়নেৰ মাংগলিক ধ্বনিৰ মাজেৰে কংগ্ৰেছ নেতা-কৰ্মীসকলে প্ৰিয়ংকা গান্ধীক স্বাগতম জনায়। 
উল্লেখ্য যে,প্ৰিয়ংকা গান্ধীৰ আগমনৰ বাবে কালিৰে পৰা একপ্ৰকাৰ উখল-মাখল হৈ আছে ৰাজীৱ ভৱন। ৰাজীৱ ভৱনত উপস্থিত হৈ আগন্তুক নিৰ্বাচনৰ বাবে প্ৰিয়ংকা গান্ধীয়ে ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ এখন বৈঠকত অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে প্ৰিয়ংকা গান্ধীয়ে অসমৰ বিভিন্ন সমষ্টিৰ তথ্য সংগ্ৰহ কৰি তৃণমূল কৰ্মীৰে মত-বিনিময় কৰি অহা স্ক্ৰীনিং কমিটিৰ সদস্যসকলৰ লগতো এক বৈঠকত মিলিত হয়। 
পৰৱৰ্তী সময়ত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি, সাধাৰণ সম্পাদক, যুটীয়া সম্পাদক, সম্পাদকসকলৰে এক পৰ্যালোচনা বৈঠকত ভাগ লয় প্ৰিয়ংকা গান্ধীয়ে। এই বৈঠকত নিখিল ভাৰত কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে অসমত চৰকাৰ পৰিৱৰ্তন কৰিবৰ বাবে সকলোকে একত্ৰিতভাৱে সংকল্প গ্ৰহণ কৰিবলৈ আহ্বান জনায়। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *