ডিজিটেল ডেস্কঃ শ্বিলঙৰ সাংসদ ৰিকি এ জে চিংকনৰ মৃত্যু। মেঘালয়ৰ শ্বিলং লোকসভা সমষ্টিৰ সাংসদগৰাকীৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। শ্বিলঙৰ মাউলাই মাউইয়ঙত বন্ধুৰ সৈতে ফুটবল খেলি থকাৰ সময়তে হঠাতে সাংসদগৰাকী অসুস্থ হৈ পৰে।
প্ৰথমে তেওঁক এখন স্থানীয় হাস্পতালত ভৰ্তি কৰা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে শ্বিলঙৰ ডাঃএইচ গৰ্ডন ৰবাৰ্ট চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। অৱশ্যে হাস্পতালত উপস্থিত হোৱাৰ পাছতে তেওঁক চিকিৎসকে মৃত ঘোষণা কৰে।
ভয়েচ অৱ পিপুলছ পাৰ্টিৰ সাংসদগৰাকীৰ মৃত্যুত শ্বিলঙত শোকৰ ছাঁ পৰিলক্ষিত হৈছে। মৃত্যুৰ সময়ত সাংসদগৰাকীৰ বয়স ৫৪ বছৰ হোৱা বুলি গম পোৱা গৈছে। সন্ধিয়া ৬.৩০ বজাত অসুস্থ হৈ পৰা সাংসদগৰাকীক প্ৰায় আধা ঘন্টা সময়ৰ পাছতে মৃত ঘোষণা কৰা হয়।
২০২৪ চনৰ এপ্ৰিল মাহত লোকসভালৈ নিৰ্বাচিত হৈছিল ৰিকি এ জে চিংকন। মুঠ ১০,৩৩,২৫১ টা ভোটৰ ৫,৭১,০৭৮ টা ভোট লাভ কৰিছিল নেতাগৰাকীয়ে। ৰাজনীতিত যোগ দিয়াৰ পূৰ্বে ৰিকি এ জে চিংকন শ্বিলংস্থিত NEHUৰ এগৰাকী সহকাৰী অধ্যাপক আছিল।
