ডিজিটেল ডেস্কঃ ৰাজীৱ ভৱনত প্ৰিয়ংকা গান্ধীয়ে কংগ্ৰেছ নেতৃত্বৰ সৈতে বৈঠকত বহি থাকোতেই অখিল গগৈয়ে কংগ্ৰেছক দিব পাৰে বেয়া খবৰ। আজি প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিম বুলি ২৪ ঘন্টাৰ বাবে মিত্ৰতাৰ ক্ষেত্ৰত সকলো কথা ঠিক কৰিবলৈ কংগ্ৰেছক সময় বান্ধি দিছিল ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে।
শিৱসাগৰৰ বিধায়কগৰাকীৰ সকীয়নিৰ প্ৰতি বিশেষ গুৰুত্ব নিদিলে কংগ্ৰেছ নেতৃত্বই। যাৰ বাবে আজি তেওঁ ল’ব পাৰে কোনো কঠিন সিদ্ধান্ত। ইতিমধ্যে অখিল গগৈৰ বাসগৃহত আৰম্ভ হৈছে ৰাইজৰ দলৰ কৰ্ণধাৰ সমিতিৰ বৈঠক।
এই বৈঠকতে দলটোৱে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ টিকটৰ সন্দৰ্ভত সকলো বিষয় আলোচনা কৰিব। আজিৰ বৈঠকত উপস্থিত আছে ১৩ জনীয়া কৰ্ণধাৰ সমিতিৰ সদস্যসকল। ইফালে অখিল গগৈৰ সমানেই সক্ৰিয় হৈ আছে লুৰীণজ্যোতি গগৈ।
কালি কংগ্ৰেছৰ অনুপস্থিতিত মিত্ৰতাৰ বিষয়ে আলোচনাত বহিল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ লগতে বিৰোধী দলসমূহ। অখিল গগৈয়ে ১৫ টা সমষ্টিৰ বাবে প্ৰাৰ্থী সাজু কৰা বুলি কালি মন্তব্য কৰিছিল। লগতে যদিহে কংগ্ৰেছে শীঘ্ৰেই সকলো নজনায় তেতিয়া ৪৬ টা সমষ্টিতে ৰাইজৰ দলে প্ৰাৰ্থী দিব বুলি মন্তব্য কৰিছিল। তেনে সময়তে আজিৰ বৈঠকখনে বিশেষ গুৰুত্ব বহন কৰিছে।
