চিনেমাৰ কায়দাৰে ডকাইতি, পিষ্টল দেখুৱাই‌ হাত মুখ বান্ধি চলালে লুটপাট


চিনেমাৰ কায়দাৰে ডকাইতি কাণ্ড সংঘটিত কৰিলে ৫ জনীয়া ডকাইতৰ দলে । বৰপেটাৰোডৰ সেনকো অলংকাৰত চলিল ডকাইতি কাণ্ড । হাতত পিষ্টল লৈ পাঁচজনীয়া ডকাইতৰ দলে লুটিলে ৪ কোটিতকৈ অধিক মূল্যৰ আ-অলংকাৰ ।সেনকো অলংকাৰৰ কৰ্মচাৰীৰ হাত আৰু মুখ বান্ধি লুটপাট চলালে ডকাইতৰ দলে ।
বৰপেটাৰোডৰ জুৱেলাৰীখনলৈ হঠাৎ সোমাই আহিছিল ৫জনকৈ লোক,মুখত  আৱৰণ। কোনোৱেই পৰিধান কৰিছিল হেলমেট, কোনোৱেই পৰিধান কৰিছিল মাস্ক।
দিনদুপৰে বৰপেটাৰোডৰ মাজমজিয়াত চাঞ্চল্যকৰ ডকাইতি। বৰপেটাৰ ছেনকো শ্ব’ৰূমত সংঘটিত এই ভয়ংকৰ ডকাইতি।
দিন দুপৰতে অস্ত্ৰধাৰী পাঁচজনীয়া ডকাইতৰ দলে চলালে লুটপাত। জুৱেলাৰীখনৰ সকলো কৰ্মচাৰীক বন্দী কৰি হাত-মুখ বান্ধি লুটপাত চলাই অস্ত্ৰধাৰী ৫জনীয়া ডকাইতৰ দলে। জানিব পৰা অনুসৰি  লুটি নিয়ে প্ৰায় ১২ কোটি টকাৰ অলংকাৰ।
। কেৱল অলংকাৰেই নহয়, নগদ ১লাখ ২৫হাজাৰ টকা লুটি নিয়ে ডকাইতৰ দলটোৱে।
জুৱেলাৰীখনত থকা সোণ, ৰূপ আৰু হীৰাৰ অলংকাৰ লুটি নিয়ে ডকাইতৰ দলটোৱে। মুখত মাস্ক পৰিধান কৰি আহিছিল হিন্দীভাষী ডকাইতৰ দলটোৱে। প্ৰতিষ্ঠানখন কৰ্মচাৰীসকলৰ ম’বাইলো কাঢ়ি লৈ যোৱাৰ লগতে প্ৰতিষ্ঠানখনৰ মেনেজাৰক মাৰপিট কৰে ডকাইতৰ দলটোৱে। নগদ ১লাখ ২৫হাজাৰ টকাও লুটি নিয়ে ডকাইতৰ দলটোৱে। 
কেৱল এয়াই নহয় শ্ব’ৰূমৰ CCTVৰ হাৰ্ড ডিস্ক ভাঙি লৈ যায় ডকাইতৰ দলে। 
ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বৰপেটা আৰক্ষীয়ে। আৰক্ষীৰ তদন্তৰ পিছতে পোহৰলৈ আহিব এই চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ আঁৰত কোন আছে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *