মন বেয়া অখিল গগৈৰ। আসন ভাগ বতৰোৱাকলৈ অসন্তুষ্ট অখিল গগৈ। বৃহস্পতিবাৰে বিৰোধী মিত্ৰজোঁটৰ হৈছিল বৈঠক। কংগ্ৰেছক বাদ দি অজাপ,ৰাইজৰ দল, CPI(M)য়ে কৰিছিল বৈঠক।
বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত অসন্তুষ্ট অখিল গগৈ। আসন ভাগ বতৰোৱাকলৈ অসন্তুষ্ট বিৰোধী শিৱিৰ।
বিশেষকৈ সংখ্যালঘু আসনক লৈ কংগ্ৰেছৰে অখিলৰ মনোমালিন্য। কংগ্ৰেছলৈ মিত্ৰতাৰ বাবে শেষৰখন চিঠি প্ৰেৰণ কৰিব ৰাইজৰ দলে।
অখিলে কয় যে, 'কংগ্ৰেছে ১০০ টা সমষ্টিত খুটি মাৰি বহি লৈছে.দাবী কৰা ১৫ সমষ্টি কংগ্ৰেছে দিব বিচৰা নাই ৰাইজৰ দলক,আমাকো জয়ী হ'ব পৰা সমষ্টি এৰি দিব লাগিব কংগ্ৰেছে,মন পছন্দৰ ৪টা সমষ্টিহে কংগ্ৰেছে এৰি দিছে ৰাইজৰ দলক।
অখিল গগৈয়ে বিচাৰিছে ৩টা সংখ্যালঘু প্ৰধান সমষ্টি। ২খন আসনত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা বিচাৰিছে অখিল গগৈয়ে।
কংগ্ৰেছে এৰি দিছে মাত্ৰ এটা সংখ্যালঘু সমষ্টি,ৰাইজৰ দলৰ কৰ্ণধাৰ বৈঠকৰ অন্তত মন্তব্য কৰিলে অখিল গগৈয়ে।
