বিজেপিৰ দৰে সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা নকৰে ছুপাৰষ্টাৰ থালাপতি বিজয়ে। ছুপাৰষ্টাৰ বিজয়ৰ নেতৃত্বাধীন ৰাজনৈতিক দল তামিঝাগা ভেত্ৰী কাঝাগাম চমুকৈ TVK লৈ মিত্ৰতাৰ প্ৰস্তাৱ দিছিল বিজেপিয়ে।২৬ ত তামিলনাডুৰ দৰে ৰাজ্য দখল কৰিবলৈ ছুপাৰষ্টাৰ বিজয়ৰ নেতৃত্বাধীন TVK ৰ সৈতে মিত্ৰতা বিচাৰিছিল বিজেপিয়ে।কিন্তু বিজেপিৰ দৰে সাম্প্ৰদায়িক দলৰ সৈতে মিত্ৰতা কৰাৰ কথাই নাহে বুলি প্ৰস্তাৱ অগ্ৰাহ্য কৰিলে ছুপাৰষ্টাৰ থালাপতি বিজয়ে।
বিজেপিৰ আদৰ্শৰ সৈতে TVK ৰ ৰাজনৈতিক আদৰ্শৰ সংঘাত আছে বুলি দাবী কৰিছে দলটোৰ সাধাৰণ সম্পাদক অৰুণ ৰাজে।
২৬ ত ছুপাৰষ্টাৰ থালাপতি বিজয়ৰ TVK ৰ বোকোচাত উঠি তামিলনাডু দখল কৰাৰ সপোন দেখিছিল বিজেপিয়ে।
তামিলনাডুত বিজেপিৰ সৈতে মিত্ৰতা কৰিবলৈ ছুপাৰষ্টাৰ থালাপতি বিজয়ৰ ওপৰত অহৰহ চাপ সৃষ্টি কৰা হৈছে বুলি দাবী কৰিছে TVK ৰ শীৰ্ষ নেতাই। দক্ষিণৰ ছুপাৰষ্টাৰ থালাপতি বিজয়ৰ পূৰ্বৰ গোচৰ সংক্ৰান্তীয় ফাইল খুলিছে কেন্দ্ৰীয় অনুসন্ধানকৰাৰী সংস্থাই।
উল্লেখযোগ্য যে,২৬ ৰ বাবে তামিলনাডুৰ AIADMK ৰ সৈতে মিত্ৰতা কৰিছে বিজেপিয়ে।
ইতিমধ্যেই তামিলনাডুৰ আসন্ন বিধানসভা নিৰ্বাচনত অকলশৰেই প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা কৰিছিল ছুপাৰষ্টাৰ বিজয়ৰ নেতৃত্বাধীন TVK দলে। দক্ষিণৰ ৰাজ্য তামিলনাডুত ধুমুহা সৃষ্টি কৰিছে ছুপাৰষ্টাৰ থালাপতি বিজয়ে।
তামিলনাডুত ছুপাৰষ্টাৰ থালাপতি বিজয়ৰ ৰাজনৈতিক জনসভাত সমাগম ঘটিছিল লাখ লাখ লোকৰ।
মুছলমানৰ বাবে সংৰক্ষণৰ প্ৰতিশ্ৰুতি দি দক্ষিণৰ ৰাজনীতিত নতুন সমীকৰণ সৃষ্টি কৰিছিল থালাপতি বিজয়ে।
২৬ ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ ছুপখৰষ্টাৰ বিজয়ে গঠন কৰিছিল তামিঝাগা ভেত্ৰী কাঝাগাম চমুকৈ TVK নামৰ ৰাজনৈতিক দল।
