ভূপেন বৰাক বিহপুৰীয়াত বিজেপিৰ টিকট দিলে দলৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব স্থানীয় বিজেপি কৰ্মীয়ে

সদ্যপদত্যাগী কংগ্ৰেছী ভূপেন বৰাক বিজেপিলৈ আদৰি বিপদ চপালে নেকি মুখ্যমন্ত্ৰীয়ে ?
ভূপেন বৰাক বিহপুৰীয়া সমষ্টিত বিজেপিৰ টিকট দিলে দলৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ হুংকাৰ স্থানীয় বিজেপি কৰ্মীৰ।ভূপেন বৰাক বিহপুৰীয়া সমষ্টিত বিজেপিৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ বিৰোধিতা স্থানীয় বিজেপি কৰ্মীৰ।বিহপুৰীয়া সমষ্টিত থলুৱা প্ৰাৰ্থীক টিকট দিয়াৰ দাবীত প্ৰতিবাদ স্থানীয় বিজেপি কৰ্মীৰ।বিহপুৰীয়া সমষ্টিত যদি ভূপেন বৰাক বিজেপিৰ হাইকামাণ্ডে প্ৰাৰ্থিত্ব দিয়ে তেন্তে বিকল্প পথ ল'ব বিজেপি কৰ্মীয়ে।বিহপুৰীয়া সমষ্টিৰ মাটি, পানীৰ সৈতে ভূপেন বৰাৰ কোনো সম্পৰ্ক নাই বুলি দাবী কৰিলে সমষ্টিটোৰ বিজেপি কৰ্মীয়ে।হাইকামাণ্ডে যদি ভূপেন বৰাক জোৰজবস্তি বিহপুৰীয়াত টিকট দিয়ে তেন্তে দল এৰিবলৈ সাজু বিজেপি কৰ্মী।
২৬ ত বিহপুৰীয়া সমষ্টি ভূপেন বৰাৰ এৰি দিম বুলি কোৱা বৰ্তমানৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ বিৰুদ্ধেও ক্ষোভ বিজেপি কৰ্মীৰ।২৬ বিহপুৰীয়া সমষ্টিত ভূপেন বৰা আৰু অমিয় কুমাৰ ভূঞাক বিজেপিৰ প্ৰাৰ্থী হিচাপে নালাগে বুলি দাবী সমষ্টিটোৰ বিজেপি কৰ্মীৰ।বিহপুৰীয়া সমষ্টিত ভূপেন বৰা বিধায়ক থকাৰ সময়ত তেওঁৰ কামৰ নমুনা ৰাইজে দেখিছে বুলি মন্তব্য কৰিলে বিজেপি কৰ্মীয়ে। ভূপেন বৰাক বিহপুৰীয়াত টিকট দিয়াৰ পূৰ্বে সমষ্টিটোৰ বিজেপি কৰ্মীয়ে বাৰ্তালাপ কৰিবলৈ গৈছিল সাংসদ ৰঞ্জিত দত্ত। বিহপুৰীয়াত থলুৱা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবীত বিজেপি কৰ্মীয়ে ধ্বনি দিলে সাংসদ ৰঞ্জিত দত্তৰ সন্মুখত।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *