অন্ধকাৰময় হৈ পৰিল সোণাপুৰৰ জুবিন ক্ষেত্ৰ, জুবিন ক্ষেত্ৰত বিছিন্ন বিদ্যুৎ সংযোগ

অন্ধকাৰময় হৈ পৰিল সোণাপুৰৰ জুবিন ক্ষেত্ৰ। জুবিন ক্ষেত্ৰত বিছিন্ন হৈ পৰিল বিদ্যুৎ সংযোগ। সোণাপুৰ জুবিন ক্ষেত্ৰত  বিদ্যুৎ সংযোগ বিছিন্ন হোৱাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। সংগীতৰ ৰাজপুটৰ সমাধি ক্ষেত্ৰত এনে পৰিৱেশ কাহিনীও কল্পনা কৰা নাছিল অসমবাসীয়ে।
জুবিন ক্ষেত্ৰত বিদ্যুৎ সংযোগ বিছিন্ন হৈ পৰাৰ ঘটনাক লৈ নাৰাজ গৰিমা শইকীয়া গাৰ্গ। জুবিন ক্ষেত্ৰৰ প্ৰতি চৰকাৰ-প্ৰশাসনে দেখুওৱা অনিহাক লৈ সামাজিক মাধ্যমতে ক্ষোভ গৰিমা শইকীয়া গাৰ্গৰ। বিদ্যুৎ সেৱাৰ পৰিৱৰ্তে ৰাইজে প্ৰজ্বলন কৰা চাকিহে জ্বলি আছে জুবিন ক্ষেত্ৰত।
এফালে অমিত শ্বাহক আদৰিবলৈ লাখে লাখে টকা অপচয় আনফালে অপমান সংগীতৰ ৰাজপুটৰ সমাধি ক্ষেত্ৰ। চৰকাৰৰ প্ৰশাসনৰ অনিহাৰ বাবে আৰু কিমান দিনলৈ উপেক্ষিত হ'ব জুবিন ক্ষেত্ৰ ? শুকুৰবাৰে নিশা উপস্থিত হৈ স্বামীৰ প্ৰতিচ্ছবি পৰিষ্কাৰ কৰিব লগা হৈছিল পত্নী গৰিমা শইকীয়া গাৰ্গে । কদৰ্যময় অৱস্থাত থকা জুবিন ক্ষেত্ৰৰ পৰিৱেশ চাফ-চিকুণ কৰিব লগা হৈছিল গৰিমা শইকীয়া গাৰ্গে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *