৮ মাৰ্চৰ ভিতৰত ভূমিকম্প হ'ব কংগ্ৰেছত, ৫০% কংগ্ৰেছীয়ে যোগদান কৰিব BJPত!

আনুষ্ঠানিকভাবে বিজেপিত যোগদান কৰাৰ পাছতেই প্ৰদেশ কংগ্ৰেছ খালী কৰাব ভূপেন বৰাই।  ২৬ ৰ নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছক নিঃশেষ কৰাৰ দায়িত্ব ল'লে সদ্যপদত্যাগী ভূপেন বৰাই। ৮ মাৰ্চৰ ভিতৰত অসম প্ৰদেশ কংগ্ৰেছৰ স্বাভিমানী কংগ্ৰেছীক বিজেপিলৈ আনিব ভূপেন বৰাই। শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি প্ৰদেশ কংগ্ৰেছ খালী কৰাৰ দায়িত্ব ল'লে ভূপেন বৰাই। প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই কৰা অপমানৰ প্ৰতিশোধ ল'বলৈ সাজু হৈছে ভূপেন বৰা।
২২ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাবে বিজেপিত যোগদান কৰাৰ পাছতেই কংগ্ৰেছীক বিজেপিলৈ অনাৰ অভিযানত নামিব ভূপেন বৰা। ২৬ বিজেপিৰ টিকটত বিহপুৰীয়া সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ পূৰ্বে কংগ্ৰেছক দুফাল কৰি শক্তি প্ৰদৰ্শন কৰিব ভূপেন বৰাই। ৮ মাৰ্চৰ পূৰ্বে প্ৰদেশৰ স্বাভিমানী কংগ্ৰেছীয়ে ভূপেন বৰাৰ পদাংকন অনুকৰণ কৰি যোগদান কৰিব নেকি বিজেপিত ?
কইনাধৰাত অমিত শ্বাহক সাক্ষাৎ কৰাৰ পাছতেই অধিক আত্মবিশ্বাসী হৈ উঠিছে ভূপেন বৰা। প্ৰদেশ কংগ্ৰেছৰ ৫০ শতাংশ কংগ্ৰেছীক বিজেপিত যোগদান কৰাব বুলি অমিত শ্বাহক কথা দিছে ভূপেন বৰাই। সঁচাকৈয়ে ৮ মাৰ্চৰ পাছত ৰাজ্যৰ জিলা জিলাই জাতীয়তাবাদী চেতনাৰে উদ্বুদ্ধ কংগ্ৰেছীৰ পদত্যাগৰ জোৱাৰ উঠিব নেকি ?
ভূপেন বৰাৰ ৰণকৌশল ব্যৰ্থ কৰিবলৈ কি মন্ত্ৰণা চলিছে ৰাজীৱ ভৱনত ? বিশেষকৈ উজনি আৰু মধ্য অসমৰ জিলা পৰ্যায়ৰ কংগ্ৰেছীক বিজেপিলৈ অনাৰ পৰিকল্পনা ভূপেন বৰাৰ। ৮ মাৰ্চৰ আশে-পাশে ৫০ শতাংশ স্বাভিমানী কংগ্ৰেছীক বিজেপিলৈ আনি ৰাজ্যিক বিজেপিত শক্তিশালী নেতা হোৱাৰ মন ভূপেন বৰাৰ।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *