বিৰোধীক চমক দি ২৮ ফেব্ৰুৱাৰীৰ পৰা মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা

ডিজিটেল ডেস্কঃ বিধানসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে ভাৰতীয় জনতা পাৰ্টি। পূৰ্বৰ দৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ইতিমধ্যে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। এইবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জন আশীৰ্বাদ যাত্ৰাত অংশ লৈ সমগ্ৰ ৰাজ্যখন ঘূৰিব। 
.২৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া এই জন আশীৰ্বাদ যাত্ৰা ৯ মাৰ্চলৈ চলিব। বিজেপিৰ প্ৰথম পৰ্যায়ৰ জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশ ল’বলগীয়া সমষ্টিসমূহৰ তালিকা ইতিমধ্যে ৰাজহুৱা কৰিছে। 
মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰা অনুসৰি ২৮ ফেব্ৰুৱাৰীত ঢেকীয়াজুলি, বৰচলা, তেজপুৰ, নদুৱাৰ আৰু ৰঙাপাৰাত সম্পন্ন হ’ব এই যাত্ৰা। একেদৰে দ্বিতীয় দিনা অৰ্থাত ১ মাৰ্চত জাগীৰোড, মৰিগাঁও, ৰহা, নগাঁও আৰু বঢ়মপুৰত জন আশীৰ্বাদ যাত্ৰা সম্পন্ন হ’ব। 
২মাৰ্চত গহপুৰ, বিহপুৰীয়া, ৰঙানদী আৰু নাওবৈচাত জন আশীৰ্বাদ যাত্ৰাত অংশ ল’ব মুখ্যমন্ত্ৰীগৰাকীয়ে। ৫ মাৰ্চত ধেমাজি জিলাত ৩ সমষ্টি ধেমাজি, চিচিবৰগাঁও আৰু জোনাইত জন আশীৰ্বাদ যাত্ৰা সম্পন্ন হ’ব।
৬মাৰ্চত খোৱাং, মাহমৰা, টিংখাং, নাহৰকটীয়া আৰু দুলীয়াজানত সম্পন্ন হ’ব জন আশীৰ্বাদ যাত্ৰা। ৭মাৰ্চত মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম আৰু তিনিচুকীয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে এই যাত্ৰাত অংশ ল’ব। ৯মাৰ্চত সৰভোগ-ভৱানীপুৰ, বজালী, টিহু, নলবাৰী, ৰঙিয়াত মুখ্যমন্ত্ৰীয়ে জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিব।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *