ডিজিটেল ডেস্কঃ এফালে যদি বৰষুণ নাই, আনফালে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া চলি আছে বিভিন্ন নিৰ্মাণ। উৰণ সেতুৰ পৰা পথ নিৰ্মাণলৈকে না না কাম চলি থকা বাবে পথত ধূলিৰ সৃষ্টি হৈছে আৰু কিছু কিছু প্ৰান্তত ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰা পৰিৱেশ হৈছে।
এনে সময়তে বতৰ বিজ্ঞান কেন্দ্ৰৰ এক বিশেষ নিৰ্দেশনাৰ বাবে সকলোৱে স্বস্তিৰ নিশ্বাস পেলাইছে। ২৪ ঘণ্টাৰ ভিতৰত ৰাজ্যত বৰষুণৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
অসম, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ কিছু কিছু স্থানত বিজুলী-ঢেৰেকনিৰ আশংকা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। সদৰী কৰা অনুসৰি আগন্তুক ৫ দিনলৈ উত্তৰ-পূবৰ কেইবাটাও স্থানত পাতলীয়া বৰষুণ হ’ব পাৰে।
