ডিজিটেল ডেস্কঃ কেৱল আনৰ সমষ্টিত কাম কৰিয়েই দায়িত্ব সামৰা নাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত পূৰ্বৰ জালুকবাৰী সমষ্টি কিছু পৰিমাণে সলনি হ’ল। নৱগঠিত জালুকবাৰী সমষ্টিৰ পূব মাজিৰগাঁওস্থিত শিলপোটা সত্ৰত উপস্থিত হৈ আশিস ল'লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক ওচৰতে পাই সুখী হৈ পৰে সত্ৰখনৰ দাতিকাষৰীয়া লোকসকল। উক্ত অঞ্চললৈ মুখ্যমন্ত্ৰীৰ আগমনে সকলোকে উৎফুল্লিত কৰে। ৰাজ্যৰ উন্নয়নৰ লগতে পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে ভগৱন্তৰ ওচৰত সেৱা জনাই আশীৰ্বাদ বিচাৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ইফালে ধাৰাপুৰৰ পৰা শিলপোটা সত্ৰলৈ দলীয় কৰ্মীসকলে মুখ্যমন্ত্ৰীগৰাকীক বিশাল শোভাযাত্ৰাৰে আদৰি আনে। পূৰ্বে প্ৰায় ১৪০ বিঘা ভূমি আৱৰি থকা সত্ৰখন বৰ্তমান প্ৰায় ৩৩ ৰ পৰা ৩২ বিঘা ভূমিতহে আছে যাৰ বাবে সকলোৱে মুখ্যমন্ত্ৰীগৰাকীক ব্যৱস্থাগ্ৰহণৰ বাবে আহ্বান জনায়।
মুখ্যমন্ত্ৰীগৰাকীয়েও উক্ত সত্ৰখনৰ উন্নয়নৰ বাবে ৫০ লাখ টকাৰ নগদ সাহায্য প্ৰদান কৰে৷ সত্ৰ পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি গড়লত এখন বিশাল জনসভাতো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। উক্ত সভাতে বিভিন্ন দলৰ পৰা ৪টা পঞ্চায়ত অন্তৰ্গত প্ৰায় ৭০০ লোকে বিজেপিত যোগদান কৰে।
