অগপৰ বাবে ভাগ্য নিয়ন্তাৰ ৰূপত বাজপেয়ী ভৱন! নিশা অগপৰ টিকট বিচাৰি বিজেপিৰ কাৰ্যালয়ত ওলালগৈ নেতা

ডিজিটেল ডেস্কঃ বাজপেয়ী ভৱন ৰাজ্যিক বিজেপিৰহে মুখ্য কাৰ্যালয়, কিন্তু এতিয়া অগপৰ বাবেও এই বাজপেয়ী ভৱনেই হৈ পৰিছে ভাগ্য নিয়ন্তা। টিকট বিচাৰি বাজপেয়ী ভৱনলৈ গৈছে অগপ নেতা। সাক্ষাৎ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে আন আন নেতাক। 
যোৱা নিশা বাজপেয়ী ভৱনত উপস্থিত হ’লগৈ অগপ নেতা ড° জয়নাথ শৰ্মা। শৰ্মাই সভাপতি দিলীপ শইকীয়াৰ লগতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক সাক্ষাৎ কৰে। 
কেৱল এয়াই নহয়, নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈকে দৰং জিলা অগপৰ সভাপতি, সম্পাদক, জিলা উপদেষ্টাক লগত লৈ আহি আলোচনা কৰিলে ছিপাঝাৰ সমষ্টিৰ টিকটৰ প্ৰসংগত। দীৰ্ঘদিন ধৰি ছিপাঝাৰ অগপক লাগিব বুলি দাবী কৰি আহিছে ড° জয়নাথ শৰাই। 
সেই সূত্ৰেই নিজৰ টিকট যাতে নিশ্চিত হয় আৰু যাতে সমষ্টিটো বিজেপিয়ে এৰি দিয়ে তাৰ বাবে অনুৰোধ জনালেহি ড০ শৰ্মাই। ইফালে বৰ্তমানৰ বিজেপি বিধায়ক পৰমানন্দ ৰাজবংশীয়ে ছিপাঝাৰত টিকট লাভ নকৰাতো একপ্ৰকাৰে নিশ্চিত হৈ আছে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *