মুখ্যমন্ত্ৰীয়ে পাকিস্তানৰ এজেন্ট আখ্যা দিয়া গৌৰৱ গগৈলৈ দেশৰ গুৰুত্বপূৰ্ণ দায়িত্ব লোক সভাৰ অধ্যক্ষৰ।
ভাৰতৰ হৈ কূটনৈতিক গুৰুদায়িত্ব পালন কৰিব যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। বৈদেশিক ৰাষ্ট্ৰ ফিলিপাইনছৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপন কৰিবলৈ দায়িত্ব দিয়া হৈছে গৌৰৱৰ নেতৃত্বত গঠিত গোটক। ভাৰত-ফিলিপাইনছ-মৈত্ৰী গোটৰ অধ্যক্ষ হিচাপে গৌৰৱ গগৈক নিযুক্তি দিলে লোকসভাৰ অধ্যক্ষই।
বিশ্বৰ ভিন্ন ৰাষ্ট্ৰৰ সৈতে কূটনৈতিক আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক সুদৃঢ় কৰিবলৈ কেইবাটাও গোট গঠন কৰিছিল লোক সভাৰ অধ্যক্ষই।সাংসদ গৌৰৱ গগৈক ভাৰত-ফিলিপাইনছৰ মৈত্ৰী গোটৰ অধ্যক্ষ হিচাপে নিযুক্তিৰ বিষয়টোয়ে চৰ্চা লাভ কৰিছে দেশজুৰি।
ফিলিপাইনছৰ সৈতে বাণিজ্যিক,সাংস্কৃতিক, নিৰাপত্তা আৰু কূটনৈতিক সম্পৰ্কৰ সন্দৰ্ভত আলোচনা কৰিব মৈত্ৰী গোটে।
ভাৰত-ফিলিপাইনছৰ মৈত্ৰী গোটৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ গৌৰৱলৈ পত্ৰ প্ৰেৰণ লোক সভাৰ অধ্যক্ষৰ। ৬৪ খন বৈদেশিক ৰাষ্ট্ৰৰ বাবে লোক সভাৰ অধ্যক্ষ ওম বিৰলাই পৃথক পৃথকে গঠন কৰিছে মৈত্ৰী গোট। সাংসদ গৌৰৱ গগৈক ভাৰত-ফিলিপাইনছৰ মৈত্ৰী গোটৰ অধ্যক্ষ হিচাপে নিযুক্তিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ।
গৌৰৱ গগৈক ফিলিপাইনছৰ মৈত্ৰী গোটৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ সলনি পাকিস্তানৰ দায়িত্ব দিব লাগিছিল বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ।
