ডিজিটেল ডেস্কঃ মিত্ৰদলক আসন এৰি দি একপ্ৰকাৰে বিপদত পৰিছে কংগ্ৰেছ। বিন্নাকান্দি সমষ্টি অসম জাতীয় পৰিষদক এৰি দিয়া কংগ্ৰেছৰ বিৰুদ্ধে তৃণমূল কৰ্মীয়ে কৰিছে প্ৰতিবাদ। একেদৰে ৰাইজৰ দলক দলগাঁও সমষ্টি এৰি দিয়াৰ খবৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে কংগ্ৰেছ কৰ্মী।
ইফালে দুই এখন আসনৰ ক্ষেত্ৰত মিত্ৰতা নিশ্চিত হ’লেও ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাত গৌৰৱ গগৈৰ অনীহা পৰিস্ফূত হৈছে। APCCৰ সভাপতি গৌৰৱ গগৈয়ে বুধবাৰৰ দিনটোত নাম নোলোৱাকৈয়ে সাংবাদিকৰ আগত মন্তব্য কৰা অখিল গগৈক উভতি ধৰিছিল আৰু ৰাইজৰ দলক বাদ দি বাকী দলৰ সৈতে মিত্ৰতা প্ৰায় চূড়ান্ত বুলি মন্তব্য কৰিছিল।
গৌৰৱ গগৈৰ মন্তব্যৰ পাছতে অখিল গগৈয়েও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। মিত্ৰতাক লৈ এতিয়াও আশাবাদী বুলি কৈ অখিল গগৈয়ে ক’লে, ‘মিত্ৰতাৰ পক্ষত আছিলো, আছো আৰু থাকিম।’
ইফালে ২ বিদ্ৰোহী কংগ্ৰেছ বিধায়কক ৰাইজৰ দলত যোগদানক লৈ গৌৰৱ গগৈয়ে কৰা প্ৰশ্নৰ উত্তৰ দি ‘কংগ্ৰেছসহ আন বিৰোধীৰ লগত কথা পাতিহে আমি দুয়োকে লৈছোঁ। AIUDF, অগপত যোগদান কৰিলে NDAৰহে শক্তি বৃদ্ধি হ’ব।’ বুলি কয়।
উল্লেখ্য যে, শ্বেৰমান আলী আহমেদ, আব্দুৰ ৰছিদ মণ্ডলক নিজৰ দলত যোগ দিয়ালে যদিও সেই ২ বিধায়কৰ বাবে সমষ্টি কাঢ়ি আনিবলৈ সক্ষম হোৱা নাই অখিল গগৈ। মিত্ৰদলক সমষ্টি এৰি দিয়াক কেন্দ্ৰ কৰি কংগ্ৰেছত অসন্তুষ্টিৰ পৰিৱেশ বাৰুকৈয়ে আকৰ্ষণীয় হৈছে।
বুধবাৰে কংগ্ৰেছৰ সাংগঠনিক ভেটি থকা সমষ্টি এৰাৰ কুচকাৱাজক লৈ ক্ষুব্ধ তৃণমূল কৰ্মীয়ে ৰাজীৱ ভৱনত প্ৰতিবাদ সাব্যস্ত কৰে। APCCৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনৰ চৌহদত প্ৰতিবাদ কৰে কংগ্ৰেছ কৰ্মীসকলে।
একেদৰে নিশাৰ ভাগত বিন্নাকান্দিত কংগ্ৰেছৰ টিকট প্ৰত্যাশী ৰেহান উদ্দিনৰ সমৰ্থকে ৰকিবুল হুছেইনৰ বিৰুদ্ধে সৰৱ হৈ সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে।
