ভাল খবৰ! পুনৰ ডেৰ লাখ চাকৰিত নিযুক্তি দিব অসম চৰকাৰে

ডিজিটেল ডেস্কঃ চৰকাৰী চাকৰি কৰিম বুলি মনত আশা পুহি ৰখাসকলৰ বাবে ভাল খবৰ। অসম চৰকাৰে পুনৰবাৰ ডেৰৰ পৰা ২ লাখ যুৱক-যুৱতীক দিব চৰকাৰী চাকৰি। এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।  
এতিয়ালৈকে ১ লাখ ৬০ হাজাৰ লোকক চাকৰিত নিযুক্তি দিয়া বুলি সদৰী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অহা পাঁচ বছৰত আৰু আমি ডেৰ, দুই লাখ চাকৰি দিব পাৰিম।’ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ৫৫ হাজাৰ অধ্যাপক আৰু শিক্ষকক নিযুক্তি দিব বুলিও সদৰী কৰে। আজি নিযুত বাবু আঁচনিৰ শুভাৰম্ভ কৰি এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। 
নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তে পুনৰবাৰ শিক্ষিত নিবনুৱাৰ মুখত এনেদৰে হাঁহি বিৰিঙালে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ যুৱক-যুৱতীসকললৈ বৃহস্পতিবাৰে সুখবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে, ফেব্ৰুৱাৰী মাহতে দিয়া হ’ব ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত হোৱা সকলো চৰকাৰী চাকৰিত নিযুক্তি। 
উল্লেখ্য যে, ইতিমধ্যে বহুকেইটা বিভাগৰ ফলাফল ঘোষণা কৰা হৈছে যদিও বৰ্তমানলৈকে প্ৰদান কৰা হোৱা নাই নিযুক্তি পত্ৰ। একেদৰে আন কেইবাটাও বিভাগত বৰ্তমানলৈকে পৰীক্ষা অনুষ্ঠিত হ’ল যদিও ফলাফল ঘোষণা কৰা হোৱা নাই। 
ADREৰ তৃতীয় তথা চতুৰ্থ বৰ্গৰ সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়া সামৰণি মাৰিছে অসম চৰকাৰে। বৰ্তমান স্বাস্থ্য বিভাগৰ লগতে অন্যান্য কেইবাটাও বিভাগত নিযুক্তি দিবলৈ সাজু হৈছে চৰকাৰ। একেদৰে নতুন চৰকাৰ আহিলেই ADRE 3.0 আৰম্ভ কৰিব ৰাজ্য চৰকাৰে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *