ডিজিটেল ডেস্কঃ মিঞা মুছলমানৰ ভোটক কেন্দ্ৰ কৰিয়েই কাজিয়া হৈছে নেকি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ? মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ মিত্ৰতাৰ প্ৰসংগ উত্থাপন কৰি বিৰোধীক সমালোচনা কৰে।
ডিব্ৰুগড় বা যোৰহাটৰ আসনখনক লৈ কাজিয়া কৰাৰ পৰিৱৰ্তে ২২খন বিশেষ আসনক কেন্দ্ৰ কৰিহে দুয়োটা দলে যুঁজ কৰি থকাৰ অভিযোগ উত্থাপন কৰে। কংগ্ৰেছে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক আসন দি থাকি নিজৰ বিৰোধী দলপতিৰ আসনখন হেৰুৱাব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘মিঞা মুছলমান ৯০ শতাংশ থকা আসনৰ বাবে কাজিয়া হৈছে।’ ইফালে খোৱা-কামোৰা কৰি থাকিলেও পৰৱৰ্তী সময়ত মিত্ৰতা হ’বও পাৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
আজি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি এনেদৰেই বিৰোধীক চোকা সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে পৰ্বতঝৰাত হাগ্ৰামা মহিলাৰীৰ দল জয়ী হ’বও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
