ফাষ্টট্ৰেক আদালতত হ’ব জুবিন হত্যাৰ বিচাৰ! মুখ খুলিছে গৰিমা শইকীয়া গাৰ্গে

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ হত্যাৰ গোচৰক লৈ পুনৰবাৰ মুখ খুলিছে পত্নী গৰিমা শইকীয়া গাৰ্গে। ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ গোচৰৰ শুনানি সম্পন্ন কৰিবলৈ চৰকাৰে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আবেদন জনাব বুলি সদৰী কৰাৰ পাছতে চৰকাৰক এই তদন্ত প্ৰক্ৰিয়া পানী নসৰকাকৈ সম্পন্ন কৰিবলৈ দাবী জনাইছে গৰিমা শইকীয়া গাৰ্গে। 
প্ৰাণৰ শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গে অভিযুক্তই যাতে জামিন লাভ নকৰে সেইক্ষেত্ৰত দৃষ্টি নিক্ষেপ কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে। গৰিমা শইকীয়া গাৰ্গে কয়, ‘অভিযুক্তই জামিন লাভ কৰি মুক্ত আকাশৰ তললৈ আহক বুলি আমি কোনেও নিবিচাৰো। মাননীয় ন্যায়াধীশে জুবিনৰ গোচৰটো বিশেভাৱে চাব বুলি আশা ৰাখিছোঁ।’
জুবিন গাৰ্গৰ দৰে লোকৰ লগত যদি ন্যায় প্ৰদান নকৰে তেন্তে ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমাৰ কেনেকৈ আস্থা থাকিব বুলিও মন্তব্য কৰে গৰিমাই। লগতে কয়, ‘আমি বহুত অশান্তিত আছো। আমি সকলোৱে আশাৰে ৰৈ আছো যাতে শীঘ্ৰেই দোষীক শাস্তি দিয়া হয়।’

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *