ডিজিটেল ডেস্কঃ দেখিলে বা শুনিলেই ভয় লগা ঘটনা সংঘটিত হৈছে এইখন অসমত। এইবাৰ সাধাৰণ লোক নহয়, মহানগৰীৰ আজাৰাত আৰক্ষীকে বৰ্বৰ আক্ৰমণ একাংশৰ। আৰক্ষীৰ লোকক প্ৰহাৰ কৰিলে গুৰুলাগুৰুলকৈ।
কামৰূপ জিলাৰ বঙৰা ইছলামপুৰত উচ্ছেদ কৰিবলৈ সাজু হৈছে চৰকাৰ। সেই উচ্ছেদৰ কথা সদৰী কৰি জাননী দিবলৈ গৈয়েই ৰাইজৰ ৰোষত আৰক্ষী আৰু গাঁওপ্ৰধান। আৰক্ষীক আক্ৰমণ কৰি একাংশ লোকে ভাঙি লণ্ডভণ্ড কৰিলে বাহনো।
এই ঘটনাত তনুজ নাথ, প্ৰহ্লাদ দাস, মুকুট শৰ্মা, মণ্টুৰাম দাস, নমিতা কটকী বড়োৰ লগতে কেইবাগৰাকী আৰক্ষীৰ লোক আহত হৈছে। আৰক্ষীক আক্ৰমণ কৰা লোকসকলক অচিনাকি বুলি সম্বোধন কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ পাছতে ১৫ গৰাকী পুৰুষ-মহিলাক আটক কৰা হৈছে।
ইফালে ঘটনাস্থলীত ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে CRPF মোতায়েন কৰা হৈছে। আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ সাজু হৈছে আৰক্ষী। ইফালে এই ঘটনাৰ প্ৰসংগ উত্থাপন কৰি ‘অসমত বিজেপি নাথাকিলে অচিনাকি লোকসকলে গুৰু-গোসাঁই নামানিব’ বুলি আজি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
