ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল বীৰ লাচিত সেনাৰ ৩ নেতা

ডিজিটেল ডেস্কঃ ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল বীৰ লাচিত সেনাৰ সদস্য। মেৰাপানীত ধন দাবী কৰি আৰক্ষীৰ জালত পৰা বীৰ লাচিত সেনাৰ সদস্যকেইগৰাকী ক্ৰমে প্ৰতাপ শইকীয়া, ৰাজা আহমেদ আৰু বিতুপন শৰ্মা।
ধন দাবীৰ অভিযোগত আটক হোৱা সদস্যকেইগৰাকী সংগঠনটোৰ গোলাঘাট জিলা সমিতিৰ অন্তৰ্গত। আটক প্ৰতাপ শইকীয়া গোলাঘাট জিলা সমিতিৰ মুখ্য সম্পাদক, ৰাজা আহমেদ সংগঠনটোৰ সাধাৰণ সম্পাদক, বিতুপন শৰ্মা বীৰ লাচিত সেনাৰ গোলাঘাট জিলা সমিতিৰ উপ-সভাপতি।
এজন ব্যৱসায়ীক ৫০ হাজাৰ টকা দাবী কৰাৰ অভিযোগ উঠিছিল সদস্য কেইগৰাকীৰ বিৰুদ্ধে। দাবী কৰা ধন নিবলৈ আহোঁতে আটক কৰে তিনিওকে। ইফালে দোকানৰ পৰাই তিনিওজনকে আৰক্ষীয়ে আটক কৰি নিয়াৰ পাছতে সংগঠনটোৰ ভিতৰভাগত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *