ডিজিটেল ডেস্কঃ বিৰোধীক পৰাস্ত কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে বিজেপিয়ে সম্পূৰ্ণৰূপে সাজু কৰিছে নিজকে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ইতিমধ্যে সকলো প্ৰকাৰে নিজকে নিৰ্বাচনৰ বাবে সাজু কৰিছে।
ইফালে এই কাৰ্যসূচীত অংশ লোৱাৰ বাবে কিছুসময় পাছতে বাজপেয়ী ভৱনলৈ আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বাজপেয়ী ভৱনত উপস্থিত হৈ বিজেপিৰ প্ৰয়াত শীৰ্ষ নেতাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আশীৰ্বাদ বিচাৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।
তাৰ পাছতে ঢেকীয়াজুলিলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ঢেকীয়াজুলিত মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিবলগীয়া জন আশীৰ্বাদ যাত্ৰাৰ বাবে মন্ত্ৰী অশোক সিংহলৰ লগতে বিজেপিৰ কাৰ্যকৰ্তাসকল সাজু হোৱা পৰিলক্ষিত হৈছে।
বিধানসভা নিৰ্বাচনত যাতে বিৰোধীক পৰাস্ত কৰিব পাৰে তাৰ বাবে সকলো প্ৰকাৰেৰে চেষ্টা অব্যাহত ৰাখিছে শাসকীয় দলটোৱে। পূৰ্বৰ দৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ইতিমধ্যে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। আজিৰে পৰা আৰম্ভ হ’বলগীয়া এই জন আশীৰ্বাদ যাত্ৰা ৯ মাৰ্চলৈ চলিব। বিজেপিৰ প্ৰথম পৰ্যায়ৰ জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশ ল’বলগীয়া সমষ্টিসমূহৰ তালিকা ইতিমধ্যে ৰাজহুৱা কৰিছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰা অনুসৰি ২৮ ফেব্ৰুৱাৰীত ঢেকীয়াজুলি, বৰচলা, তেজপুৰ, নদুৱাৰ আৰু ৰঙাপাৰাত সম্পন্ন হ’ব এই যাত্ৰা। একেদৰে দ্বিতীয় দিনা অৰ্থাত ১ মাৰ্চত জাগীৰোড, মৰিগাঁও, ৰহা, নগাঁও আৰু বঢ়মপুৰত জন আশীৰ্বাদ যাত্ৰা সম্পন্ন হ’ব।
২মাৰ্চত গহপুৰ, বিহপুৰীয়া, ৰঙানদী আৰু নাওবৈচাত জন আশীৰ্বাদ যাত্ৰাত অংশ ল’ব মুখ্যমন্ত্ৰীগৰাকীয়ে। ৫ মাৰ্চত ধেমাজি জিলাত ৩ সমষ্টি ধেমাজি, চিচিবৰগাঁও আৰু জোনাইত জন আশীৰ্বাদ যাত্ৰা সম্পন্ন হ’ব।
৬মাৰ্চত খোৱাং, মাহমৰা, টিংখাং, নাহৰকটীয়া আৰু দুলীয়াজানত সম্পন্ন হ’ব জন আশীৰ্বাদ যাত্ৰা। ৭মাৰ্চত মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম আৰু তিনিচুকীয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে এই যাত্ৰাত অংশ ল’ব। ৯মাৰ্চত সৰভোগ-ভৱানীপুৰ, বজালী, টিহু, নলবাৰী, ৰঙিয়াত মুখ্যমন্ত্ৰীয়ে জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিব।
