USৰ কনছ্যুলেটত আক্ৰমণ চলাই বিপদত পাকিস্তানী

ডিজিটেল ডেস্কঃ ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা খামেইনীৰ মৃত্যুৰ খবৰে বাৰুকৈয়ে জ্বলাইছে পাকিস্তানক। পাকিস্তানৰ কৰাচীত USৰ কনছ্যুলেটত অগ্নিসংযোগ পাকিস্তানী প্ৰতিবাদকাৰীৰ। ইৰানৰ সমৰ্থনত USৰ কনছ্যুলেট আক্ৰমণ কৰা ৯ গৰাকী লোকক ইতিমধ্যে গুলীওৱা হৈছে।  
খামেইনীৰ মৃত্যুক লৈ সৰৱ হৈ পৰা একাংশ পাকিস্তানী আমেৰিকাৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে।  আজি কৰাচীত খামেইনীৰ সমৰ্থক আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষই ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হয়। পাকিস্তানৰ কৰাচী হাস্পতাললৈ ৯ গৰাকী লোকৰ মৃতদেহ নিয়াৰ লগতে ইফালে আহত হৈছে বহুলোক। 
ইফালে ইৰানৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে বহুকেইখন মুছলিম ৰাষ্ট্ৰ। যাক কেন্দ্ৰ কৰি আকৌ এবাৰ বিশ্বযুদ্ধ হ’ব নেকি তাকে লৈ বিভিন্ন প্ৰশ্নৰ সৃষ্টি হৈছে। ইৰানৰ আক্ৰমণৰ সন্মুখীন কাটাৰ,কুৱেইট, বাহৰেইন, জৰ্ডান, ছৌদি আৰৱৰ দৰে মধ্যপ্ৰাচ্যৰ দেশসমূহ। 
আয়াতুল্লাহ আলী খামেইনীৰ মৃত্যুৰ পাছতে কাটাৰৰ ১১ স্থানত ইৰানে আক্ৰমণ কৰাৰ পাছতে একপ্ৰকাৰে দুভাগত বিভক্ত হৈছে মুছলিম ৰাষ্ট্ৰসমূহ।  ইফালে আমেৰিকা-ইজৰাইলৰ আক্ৰমণত বিধ্বস্ত হৈ পৰিছে ইৰান। সৰ্বোচ্চ নেতা আয়াতুল্লা খামেইনীৰ মৃত্যুত ৪০ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে ইৰানে। কেৱল খামেইনীয়ে নহয়, খামেইনীৰ লগতে কন্যা, নাতিসহ পৰিয়ালৰ ৪ সদস্যৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
শক্তি প্ৰদৰ্শন কৰি পশ্চিম তেহৰানসহ কেইবাস্থানতো মিছাইল আক্ৰমণ কৰিছে ইজৰাইলে। একেদৰে ইৰানো ৰৈ থকা নাই। দেশখনে কাটাৰস্থিত আমেৰিকাৰ ৰাডাৰ ছীষ্টেম ধ্বংস কৰা বুলি দাবী কৰিছে। তেল আভিভতো ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে ইৰানে। 
খামেইনীৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই ইৰানে। লগে লগে ধাৰাবাহিক আক্ৰমণ আৰম্ভ কৰি ইৰানে ইজৰাইলৰ সেনা প্ৰধানক লক্ষ্য কৰি লৈছে। যাৰ বাবে ইজৰাইলী সেনাৰ মুখ্য কাৰ্যালয়ৰ লগতে কেইবাটাও স্থানত আক্ৰমণ চলাইছে। 
ইজৰাইলৰ কেইবাটাও স্থানত বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা যায়। কাটাৰৰ ১১টা স্থানত আক্ৰমণ কৰাৰ লগতে ডোহাৰ পৰা ডুবাই পৰ্যন্ত শুনা গৈছে বিস্ফোৰণৰ শব্দ।
এই যুদ্ধৰ প্ৰভাৱ ভাৰততো নপৰা নহয়। ইজৰাইল-ইৰানৰ যুদ্ধৰ বাবে দিল্লীৰ পৰা ইউৰোপলৈ ১০ খনৰো অধিক বিমান বাতিল কৰা হৈছে। ইজৰাইল, আমেৰিকা মিত্ৰশক্তিৰ বিৰুদ্ধে ইৰানৰ যুদ্ধত বৰ্তমানলৈকে ২০০ৰো অধিক লোকৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে। এই যুদ্ধ মধ্যপ্ৰাচ্যৰ ওমান, কাটাৰ, বাহৰেইন, কুৰ্দিস্তান, সংযুক্ত আৰব আমিৰশ্বাহী আদি লৈকো বিয়পি পৰিছে।  

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *