ডিজিটেল ডেস্কঃ অখিল গগৈ নহয়, অৰ্কিড উদ্যান চলাব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ কোনো লোক গ’লে আন আন প্ৰান্তৰ লগতে অখিল গগৈ তথা তেওঁৰ সতীৰ্থসকলে প্ৰতিষ্ঠা কৰা কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যানলৈ এপাক যাব বিচাৰে। থলুৱা খাদ্যৰ লগতে অন্যান্য সামগ্ৰীৰ সম্ভাৰ এই উদ্যানখনৰ অন্যতম বৈশিষ্ট্য।
এতিয়া অসম চৰকাৰে মুকলি কৰিবলৈ আগবাঢ়িছে কাজিৰঙা অৰ্কিড উদ্যান। উদ্যানখন গোলাঘাট জিলাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই সমীপত কঁহৰাত প্ৰস্তুত কৰি উলিওৱা হৈছে।
প্ৰথম পৰ্যায়ত ১৬ কোটি টকা ব্য়য় কৰি নিৰ্মাণ কৰা উদ্যানখন কাইলৈ অৰ্থাত মঙলবাৰে কৃষিমন্ত্ৰী অতুল বৰাৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব। ২০ বিঘা মাটিকালিত নিৰ্মাণ কৰা উদ্যানখনৰ প্ৰসংগত সোমবাৰে লাখ লাখ টকা খৰচ কৰি বিভিন্ন বাতৰি কাকতত চৰকাৰে বিজ্ঞাপনো দিয়া দেখিবলৈ পোৱা গ’ল।
এই উদ্যানৰ বৈশিষ্ট হৈছে ৯০০ প্ৰজাতিৰো অধিক দেশীয় আৰু বিদেশী অৰ্কিড প্ৰজাতিৰ প্ৰদৰ্শন আৰু সংৰক্ষণ। অত্যাধুনিক প্ৰযুক্তিসম্পন্ন ৭টাকৈ গ্লাছ হাউছত প্ৰাকৃতিক পৰিৱেশৰ মাজত বিভিন্ন অৰ্কিড প্ৰদৰ্শন কৰা হ’ব।
৫০০ আসনযুক্ত সাংস্কৃতিক মঞ্চৰ লগতে শিশু উদ্যান, পৰ্যটক নিৱাস, প্ৰশাসনিক ভৱন আৰু থলুৱা খাদ্যৰ ভোজনালয়ো এই উদ্যানখনত দেখিবলৈ পোৱা যাব। চৰকাৰে এই উদ্যানখন আৰম্ভ কৰাৰ লগে লগে অখিল গগৈ তথা তেওঁৰ সতীৰ্থসকলে স্থাপন কৰা কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যানখনৰ পৰ্যটকৰ সংখ্যা হ্ৰাস পোৱাৰ সম্ভাৱনাই দেখা দিছে।
