ন্যায় পাব নে শিল্পী জুবিন গাৰ্গে? CIDৰ SITৰ তদন্তক লৈ উঠিছে প্ৰশ্ন! দোষী সাব্যস্ত হ'ব নে জুবিন হ*ত্যা*ত অভিযুক্ত!
প্ৰতিজন জুবিন অনুৰাগীৰ আজি দিনটোত প্ৰশ্ন...
SITৰ বিধিগত ভুলৰ বাবেই শ্যামকানু মহন্তলৈ আইনী সকাহ। শ্যামকানু মহন্তৰ ফ্ৰীজ কৰা বেংক একাউন্ট খুলি দিয়া নিৰ্দেশ আদালতৰ । জুবিন গাৰ্গৰ হ*ত্যা গোচৰৰ নিয়মীয়া শুনানিত নিৰ্দেশ আদালতৰ। বেংক একাউন্ট ফ্ৰীজ কৰাৰ ক্ষেত্ৰত CIDৰ SITয়ে বিধি মানি চলা নাছিল । BNSSৰ ধাৰা ১০৭ মানি চলা নাছিল CIDয়ে,যাৰ বাবে শ্যামকানুৰ বেংক একাউন্ট খুলি দিয়াৰ নিৰ্দেশ আদালতৰ।
পূৰ্বৰ শুনানিত CIDৰ SITৰ ভুলৰ বাবেই আইনী সকাহ পাইছিল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই। জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ ব্যৱসায়িক প্ৰতিষ্ঠান মুকলি কৰি দিছিল আদালতে। জুবিন গাৰ্গৰ হ*ত্যা*ৰ দুই মূল অভিযুক্তই লাভ কৰিছে আইনী সুৰুঙা। অভিযুক্তই আইনী সুৰুঙা লাভ কৰা সন্দৰ্ভত আক্ষেপ প্ৰকাশ কৰিছে গৰিমা শইকীয়া গাৰ্গে। "শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলিবলৈ দিয়া নিৰ্দেশ আমাৰ বাবে বেয়া খবৰ, বেংক একাউণ্ট মুকলি হোৱাটো আমাৰ বাবে দুৰ্ভাগ্যজনক"।
