ডিজিটেল ডেস্কঃ অসমত অসমীয়াৰ দাবী চলক বা নচলক, এইবাৰ বিহাৰী সম্প্ৰদায়ে কৰিলে এক বিশেষ দাবী। বিজেপিৰ বেয়া দিনটো বিজেপিৰ হৈ প্ৰচাৰ চলাইছিলো বুলি কৈ অসমৰ ৬ টা বিধানসভা সমষ্টি বিহাৰীৰ বাবে দাবী কৰিলে ভোজপুৰী সন্মিলনীয়ে।
এইক্ষেত্ৰত তেওঁলোকৰ যুক্তি হৈছে অসমত বিহাৰী ভোট আছে ৬ শতাংশ, গতিকে এই ৬ শতাংশ বিহাৰী ভোটাৰে দাবী কৰিব পাৰে ১২৬ খন আসনৰ ৬খন। দেওবাৰে দৰঙত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সন্মুখত নিজা আৰ্জি ৰাখিলে ভোজপুৰী সন্মিলনীয়ে ৷
তেওঁলোকৰ ৬টা সমষ্টিৰ অন্যতম হৈছে পাথাৰকান্দি, ৰামকৃষ্ণ নগৰ, তিনিচুকীয়া আৰু টংলা বিধানসভা সমষ্টি। অসমত বিহাৰী সম্প্ৰদায়ৰ ২০-২১ লাখ ভোটাৰ আছে বুলি কৈ নিৰ্বাচনত তেওঁলোকে যে এক গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে সেই কথাও বিজেপিক বুজাবলৈ চেষ্টা কৰিলে।
কংগ্ৰেছে বিহাৰী সম্প্ৰদায়ক গুৰুত্ব দিছিল যদিও বিজেপি চৰকাৰৰ দিনত বিধানসভাত প্ৰতিনিধি নোহোৱা বাবে তেওঁলোকে বিচাৰিছে ৬টা সমষ্টি। ইয়াৰ পাছত এইসকল লোকক বিজেপিয়ে কেনেকৈ গুৰুত্ব দিব সেয়া চাবলগীয়া হ’ব। কাৰণ বিজেপিক লালন পালন কৰি ৰখা উত্তৰ ভাৰতীয়ক কোনো সময়তে বিজেপিয়ে গুৰুত্ব নিদিয়াকৈ নাথাকে।
উল্লেখ্য যে, কাৰ্বিআংলঙত বিহাৰীসকলৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ প্ৰসংগয়ো ভোজপুৰী সন্মিলনীৰ সংবাদমেলত স্থান পালে। পৰৱৰ্তী সময়ত তেওঁলোকক বিজেপিয়ে কেনেকৈ গুৰুত্ব দিয়ে সেয়া চাবলগীয়া হ’ব।
Sign in to your account