ডিজিটেল ডেস্কঃ প্ৰতীক্ষাৰ অৱসান ঘটাই LP-UPৰ নিযুক্তিৰ দিন চূড়ান্ত কৰিলে অসম চৰকাৰে। ১২ মাৰ্চত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব অসম চৰকাৰৰ নিযুক্তি সমাৰোহ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত ৪,৫০০ টা শিক্ষক পদত বিতৰণ কৰা হ’ব নিযুক্তি পত্ৰ।
এই নিযুক্তিৰ পাছতে অসম চৰকাৰে বিগত ৫ বছৰত নিযুক্তি দিয়াৰ সংখ্যাই ১ লাখ ৬০ হাজাৰৰ ঘৰ অতিক্ৰম কৰিব। ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অহা পাঁচ বছৰত পুনৰ ডেৰৰ পৰা দুই লাখ চাকৰি দিব বুলি সদৰী কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ৫৫ হাজাৰ অধ্যাপক আৰু শিক্ষকক নিযুক্তি দিব বুলিও সদৰী কৰিছে।
নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তে পুনৰবাৰ শিক্ষিত নিবনুৱাৰ মুখত এনেদৰে হাঁহি বিৰিঙালে মুখ্যমন্ত্ৰীগৰাকীয়ে। কেইদিনমান পূৰ্বে ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, ফেব্ৰুৱাৰী মাহতে দিয়া হ’ব ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত হোৱা সকলো চৰকাৰী চাকৰিত নিযুক্তি। তাৰ মাজতে এই ভাল খবৰ অহা দেখিবলৈ পোৱা গৈছে।
