ইৰাণ-ইজৰাইলৰ যুদ্ধক কেন্দ্ৰ কৰি ভাৰতীয় লোকৰ মাজতো বৃদ্ধি পাইছে শংকা>
ইৰাণ-ইজৰাইলৰ যুদ্ধৰ বাবে ভাৰতীয় বজাৰত বৃদ্ধি পাব নেকি পে'ট্ৰল-ডিজেল আৰু ৰন্ধন গেছৰ দাম ?
যুদ্ধৰ বিভীষিকাৰ বাবে ইৰাণে বন্ধ কৰি দিছে হৰমুজ প্ৰণালী। যাৰ বাবে জাহাজৰ গতিপথত ব্যাঘাত জন্মাত বিশ্বজুৰি নেতিবাচক প্ৰভাৱ পৰাৰ আশংকা আছে প্ৰাকৃতিক গেছ আৰু তেল বাণিজ্যত।
তথ্য অনুসৰি, ইৰাণে হৰমুজ জলসন্ধি প্ৰণালী বন্ধ কৰি দিয়াৰ ফলত সাগৰপৃষ্ঠতে আৱদ্ধ হৈ পৰিছে ৭০০ খন জাহাজ। হৰমুজ প্ৰণালীৰ মাজেৰে ভাৰতে বহিঃৰাষ্ট্ৰৰ পৰা আমদানি কৰি আহিছে ৫৮ শতাংশ খাৰুৱা তেল।
উল্লেখযোগ্য যে,আগন্তুক ২৫ দিনৰ বাবেহে ভাৰতত মজুত আছে পে'ট্ৰল-ডিজেলৰ ভাণ্ডাৰ। অৱশ্যে ইজৰাইল-ইৰাণৰ যুদ্ধৰ বাবে এতিয়াই দাম বৃদ্ধি নহয় ভাৰতীয় খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছখণ্ডত। ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ শাম কটাৰ কোনো সম্ভাৱনা নেদেখি ভাৰত চৰকাৰে খাৰুৱা তেল আমদানিৰ বাবে সন্ধান কৰিছে বিকল্প পথ।কেৱল ভাৰতেই নহয় ইৰণা আৰু ওমানৰ নিয়ন্ত্ৰণাধীন হৰমুজ জলমাৰ্গ বন্ধ হৈ থকাৰ ফল ভুগিছে এছিয়াৰ আন কেইবাখনো ৰাষ্ট্ৰই। হৰমুজ প্ৰণালী বন্ধ হোৱাৰ ফলত বিশ্বৰ খাৰুৱা তেলৰ বজাৰত প্ৰতি বেৰেল খাৰুৱা তেলত ১০০ ডলাৰ বৃদ্ধিৰ সম্ভাৱনা আছে। বিশ্বৰ খাৰুৱা তেলৰ বজাৰত প্ৰতি বেৰেলত ৫.৫৮% ৰ বৃদ্ধি পোৱাত দাম হৈছেগৈ ৮০.৪১ ডলাৰ ।
অৱশ্যে বিশ্বৰ তৃতীয় বৃহত্তম তেল আমদানিকাৰী দেশ হিচাপে ভাৰতত দাম বৃদ্ধিৰ কোনো প্ৰভাৱ নপৰে বুলি নিশ্চিত কৰিছে কেন্দ্ৰীয় চৰকাৰৰ এক উচ্চস্তৰীয় সূত্ৰই। অৱশ্যে ইৰাণ-ইজৰাইলৰ যুদ্ধক লৈ খুবেই চিন্তাত পৰিছে অসমৰ চাহ উদ্যোগৰ সৈতে জড়িত খেতিয়কসকল। তথ্য অনুসৰি, অসমৰ পৰা ২.৫ কোটি কিলো চাহ ৰপ্তানি হয় ইৰাণলৈ ।ইৰাণে অসমৰ পৰা চাহ ৰপ্তানি বন্ধ কৰি দিলে নিশ্চিত ৰূপত প্ৰভাম্বিত হ'ব অসমৰ ৫০ শতাংশ থলুৱা চাহ খেতিয়ক।
