ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতে পুনৰবাৰ চৰ্চা চলিছে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ প্ৰসংগ। কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাখনৰ কেইবাগৰাকী প্ৰাৰ্থী পিতৃ পৰিচয়ৰ বাবেই বাৰে বাৰে টিকট লাভ কৰা বুলি চৰ্চিত হৈছে।
প্ৰথমখন তালিকাত অন্তৰ্ভুক্ত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ পুত্ৰৰ নাম। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ নাম প্ৰাৰ্থী তালিকাত, প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ দেৱব্ৰত শইকীয়াৰ লাভ কৰিছে টিকট।
তালিকাত নাম আছে প্ৰয়াত মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মনৰ। এইগৰাকী বৰক্ষেত্ৰী সমষ্টিৰ বিধায়কে পুনৰবাৰ লাভ কৰিছে কংগ্ৰেছৰ টিকট।
সমষ্টিত কোনো গণভিত্তি নাইকীয়া প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈয়ো লাভ কৰিলে কংগ্ৰেছৰ টিকট। ইতিমধ্যে উপ নিৰ্বাচনত পৰাজিত হোৱা ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনকো প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছে।
পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰকো কংগ্ৰেছে প্ৰদান কৰিছে নিৰ্বাচনৰ টিকট। এনেদৰেই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ প্ৰসংগই পুনৰ এবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ পাছতে চৰ্চা লাভ কৰিছে।
