গৌৰৱে নুশুনিলে, নিদিলে গুৰুত্ব! আজি নিজা প্ৰাৰ্থী তালিকা ঘোষণা কৰিব অখিল গগৈয়ে

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ পাছতে বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কংগ্ৰেছে প্ৰথমখন প্ৰাৰ্থী তালিকাত ৪২ জন নেতাক প্ৰদান কৰিলে বিধানসভা নিৰ্বাচনৰ টিকট। 
এই তালিকাত গৌৰৱ গগৈৰ পৰা নাজিৰাৰ দেৱব্ৰত শইকীয়ালৈকে বিভিন্ন লোকৰ নাম দেখিবলৈ পোৱা গ’ল। তালিকাত নাম সোমাল প্ৰতীক বৰদলৈৰো।  প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ পাছতে আজি চমক দিবলৈ সাজু হৈছে অখিল গগৈ।
আজি এখন বৈঠকত দলীয় সতীৰ্থৰে আলোচনা কৰি প্ৰাৰ্থী তালিকা ঘোষণা কৰিব অখিল গগৈয়ে। বিশেষভাৱে কংগ্ৰেছে প্ৰাৰ্থী দিয়া মাৰ্ঘেৰিটা সমষ্টিৰ লগতে একাংশ সমষ্টিক লৈ নাৰাজ অখিল গগৈ।
মাৰ্ঘেৰিটাক অখিল গগৈয়ে ৰাহুল চেত্ৰীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বিচাৰিছিল। কিন্তু কংগ্ৰেছে ৰাইজৰ দলৰ সেই আহ্বান ৰক্ষা নকৰিলে। যাৰ বাবে অখিল গগৈ ক্ষোভত ফাটি পৰা দেখিবলৈ পোৱা গৈছে আৰু আজি প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিবলৈ সাজু হৈছে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *