কাইলৈ ৩ কংগ্ৰেছ বিধায়কে যোগ দিব বিজেপিত

ডিজিটেল ডেস্কঃ অৱশেষত অপেক্ষাৰ অন্ত পৰিল। কাইলৈ বিজেপিত যোগ দিব ৩ কংগ্ৰেছ বিধায়কে। শেহতীয়াকৈ চৰ্চাত থকা এই ৩ বিধায়ক হৈছে  কমলাক্ষ দে’ পুৰকায়স্থ, বসন্ত দাস  আৰু শশীকান্ত দাস।  
পুৱা ৮ বজাত বাজপেয়ী ভৱনত ৩ নেতাই যোগদান কৰিব বুলি বৰপেটাত ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। ইফালে কংগ্ৰেছৰ পৰা আৰু নেতাই যোগ দিব নেকি বুলি সোধা প্ৰশ্নত মুখ্যমন্ত্ৰীগৰাকীয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
কংগ্ৰেছৰ আৰু অধিক মানুহ বিজেপিত যোগদান নকৰাও বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, আন কেইবাগৰাকী কংগ্ৰেছ নেতাই বিজেপিত যোগ দিবলৈ সাজু হোৱা বুলি ইতিমধ্যে চৰ্চা চলিছে। 
মঙলবাৰে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ পাছৰে পৰা কেইবাগৰাকী কংগ্ৰেছ নেতা অসন্তুষ্ট হোৱা পৰিলক্ষিত হৈছে। টিকট লাভ কৰিম বুলি ভাবিও বহুতেই লাভ নকৰিলে কংগ্ৰেছৰ টিকট। যাৰ বাবে অসন্তুষ্ট হোৱা পৰিলক্ষিত হৈছে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *