ৰাজ্যসভালৈ যাব বিচাৰে প্ৰমোদ বড়ো! বিজেপিৰ পৰা বিচাৰিছে সমৰ্থন

ডিজিটেল ডেস্কঃ ৰাজ্যসভালৈ যোৱাৰ মন প্ৰমোদ বড়োৰ। ৰাজ্যসভা নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে মনোনয়ন পত্ৰ দাখিল কৰিব ইউ পি পি এল নেতাগৰাকীয়ে। কাইলৈ যিহেতু মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন, গতিকে কোনো কাৰণতে যাতে সুযোগ হেৰুৱাবলগীয়া নহয় সেই কথা চকু দিছে নেতাগৰাকীয়ে।  
ইফালে কাইলৈয়ে মনোনয়ন পত্ৰ দাখিল কৰিব বিজেপি প্ৰাৰ্থী যোগেন মহন আৰু তেৰছ গোৱালাই। আজি ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰসংগ আলোচনা কৰিবলৈ UPPL নেতৃত্বই এখন গুৰুত্বপূৰ্ণ বৈঠকত বহিছে। সভাপতি প্ৰমোদ বড়োৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে এই বৈঠকখনতে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব। 
বৈঠকত উপস্থিত আছে ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীৰ লগতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী। বিধায়ক গোবিন্দ বসুমতাৰী, লৰেন্স ইছলাৰী, ভূপেন বড়ো, নিৰ্মল কুমাৰ ব্ৰহ্ময়ো সভাত অংশ লৈছে। 
আজিৰ বৈঠক সামৰিয়েই বিজেপি নেতৃত্বৰ সৈতে আলোচনাত অংশ ল’ব UPPL-এ। ইফালে কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো বিজেপিৰ বিধায়ক কম হোৱা বাবে এইখন আসনত UPPLক সমৰ্থন কৰিব বুলি সদৰী কৰিছিল। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *