সঁচাকৈয়ে ইৰাণ-আমেৰিকাৰ যুদ্ধৰ বাবে অসমত নোহোৱা হ’ব নেকি পেট্ৰ’ল-ডিজেল

ডিজিটেল ডেস্কঃ ইৰাণৰ সৈতে আমেৰিকাৰ যুদ্ধৰ বাবে অসমৰ বজাৰত নাটনি হ’ব নেকি ইন্ধনৰ? এতিয়া অসমৰ বিভিন্ন প্ৰান্তৰ তেল ডিপোত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে। কালিৰ দিনটোত হাটশিঙিমাৰী, ডবকা আদিৰ তেল ডিপোত গ্ৰাহকৰ ভিৰ দেখা যায়। 
হাটশিঙিমাৰীত ইন্ধনৰ নাটনি বুলি উৰাবাতৰি ওলোৱাৰ পাছতে পুৱাৰে পৰা পেট্ৰ’ল পাম্পত ৰাইজৰ ভিৰ পৰিলক্ষিত হয়। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ খবৰৰ মাজতে এই উৰাবাতৰি বিয়পালে একাংশই। যাৰ বাবে মানুহৰ মাজত বৃদ্ধি পায় চিন্তা। 
অসম-মেঘালয় সীমান্তৰ পাণবাৰী পেট্ৰ’ল পাম্পত হাতে হাতে ড্ৰাম লৈ পেট্ৰ’ল-ডিজেল লোৱাত ব্যস্ত হয় গ্ৰাহকসকল। একেদৰে সকলোৱে নিজৰ বাহনতো পাৰ্যমানে ইন্ধন ভৰোৱা দেখা যায়। 
মানুহ চিন্তিত হ’লেও ডিপোত পৰ্যাপ্ত পৰিমাণে তেল থকা বুলি মন্তব্য কৰি কৰ্তৃপক্ষই কোনোধৰণৰ চিন্তাৰ কাৰণ নাই আৰু তেলৰ দাম বৃদ্ধিও হোৱা নাই বুলি কয়। ডবকাতো এটা তেল ডিপোত হঠাৎ শ শ লোকে ভিৰ কৰি বাহনত তেল ভৰোৱাৰ বাবে হেতা-ওপৰা কৰে। এনেধৰণৰ উৰাবাতৰিক বিশ্বাস নকৰিবলৈ আহ্বান প্ৰশাসনৰ।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *