কি হ’ব বিটিচিৰ ৰাজনীতি? হেলিকপ্টাৰ আনি প্ৰচাৰৰ বাবে সাজু হাগ্ৰামা মহিলাৰী

ডিজিটেল ডেস্কঃ হেলিকপ্টাৰ আনি সাজু কৰিছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। নিৰ্বাচনৰ বাবে সকলো প্ৰকাৰে সাজু হোৱা বুলি কৈ নেতাগৰাকীয়ে লগতে কয়, আগতীয়াকৈ অহা হেলিকপ্টাৰ ৰাখিবলৈ ঠাই নোহোৱা বাবে কোকৰাঝাৰৰ সলনি ৰাখিছে গুৱাহাটীত।  
নিৰ্বাচন আহিলেই সদায়ে চৰ্চাত থাকে এইগৰাকী নেতা হাগ্ৰামা মহিলাৰী। তেওঁৰ মুখৰ কথাই সদায়ে সকলোকে আকৰ্ষণ কৰা দেখা যায়। কেতিয়াবা যদি বিপক্ষৰ নেতাক কটাক্ষ কৰা শৈলীয়ে সকলোকে আমোদ দিয়ে আন কেতিয়াবা নেতাগৰাকীৰ আন আন আচৰণ মন কৰিবলগীয়া হয়।
এইবাৰ পুনৰ বিধানসভা নিৰ্বাচনলৈ সাজু হৈ আগতীয়াকৈ হেলিকপ্টাৰ অহা বুলি নেতাগৰাকীয়ে মন্তব্য কৰে। নিবিচৰাকৈয়ে হেলিকপ্টাৰখন অহা বুলি নেতাগৰাকীয়ে মন্তব্য কৰা দেখা যায়। তেওঁ কয় যে, উপযাচি অহাৰ বাবে হেলিকপ্টাৰৰ ভাড়া ৫০ শতাংশ কমাই দি গুৱাহাটীতে ৰাখি থৈছে হেলিকপ্টাৰখন। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *