কাৰ্বি পাহাৰত যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ চিৰদিনলৈ হেৰাই গ’ল ২ বিষয়া

ডিজিটেল ডেস্কঃ কাৰ্বি পাহাৰত যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ চিৰদিনৰ বাবে হেৰাই গ’ল স্কোৱাদ্ৰন লিডাৰ অনুজ আৰু ফ্লাইট লেফটেনেন্ট পূৰ্বেশ দুৰাগকাৰ। ইতিমধ্যে এই তথ্য সদৰী কৰিছে ভাৰতীয় বায়ুসেনাৰ তৰফৰ পৰা।  
গোলাঘাট-কাৰ্বি আংলং সীমান্তৱৰ্তী চকীহোলাত দুৰ্ঘটনাগ্ৰস্ত হয়  Sukhoi Su-30MKI বিমানখন। যুদ্ধ বিমানখন ভূপতিত হোৱা বাবে চৌদিশে হাহাকাৰ লাগে। 
সন্ধিয়া প্ৰায় ৭ বজাত সংঘটিত এই ঘটনাত ২ সতীৰ্থ হেৰুৱাই শোকত ভাগৰি পৰিছে ভাৰতীয় বায়ুসেনাৰ বিষয়ববীয়া। ইতিমধ্যে ২ সতীৰ্থক হেৰুওৱাৰ কথা আনুষ্ঠানিকভাৱে সদৰী কৰিছে ভাৰতীয় বায়ুসেনাৰ তৰফৰ পৰা।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *