সোমবাৰে প্ৰকাশ পাব কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা, শীঘ্ৰেই দিল্লীত যোগ দিব জয়ন্ত খাউণ্ডে

ডিজিটেল ডেস্কঃ সোমবাৰে প্ৰকাশ পাব কংগ্ৰেছৰ দ্বিতীয় তালিকা। কংগ্ৰেছে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পূৰ্বেই দলটোত যোগদান কৰিব সদ্য অগপ ত্যাগী নেতা জয়ন্ত খাউণ্ডে। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সন্মুখত দিল্লীত নেতাগৰাকীয়ে যোগদান কৰিব। 
ৰঙানদী সমষ্টিত নিৰ্বাচন খেলাৰ মন জয়ন্ত খাউণ্ডৰ আৰু ইতিমধ্যে তেওঁ সেই কথা কংগ্ৰেছ নেতৃত্বত সদৰী কৰিছে। ইফালে ইতিমধ্যে ৪২ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে কংগ্ৰেছে।
যোৰহাটত APCCৰ সভাপতি গৌৰৱ গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। আৰু ক’ত কাক প্ৰাৰ্থিত্ব দিলে কংগ্ৰেছেঃ

  • নাজিৰাত দেৱব্ৰত শইকীয়া
  • বৰছলাত ৰিপুণ বৰা
  • দিছপুৰত মীৰা বৰঠাকুৰক প্ৰাৰ্থিত্ব
  • ৰূপহীহাটত নুৰুল হুদা
  • হাজো-শুৱালকুছিত নন্দিতা দাস
  • বৰক্ষেত্ৰীত দিগন্ত বৰ্মন
  • নলবাৰীত অশোক কুমাৰ শৰ্মা
  • ছিপাঝাৰত বিনন্দ শইকীয়া
  • ডুমডুমাত দুৰ্গা ভূমিজ
  • নাহৰকটীয়াত প্ৰণতি ফুকন
  • উধাৰবন্দত অজিত সিং
  • জাগীৰোডত বুবুল দাস
  • টিহুত ৰাতুল পাটোৱাৰী
  • কমলপুৰত সত্যব্ৰত কলিতাক প্ৰাৰ্থিত্ব কংগ্ৰেছৰ
  • বকো-ছয়গাঁৱত ৰমেন সিং ৰাভা
  • ৰহাত উত্পল বণিয়া
  • চামগুৰিত তাঞ্জিল হুছেইন
  • মাৰ্ঘেৰিটাত প্ৰতীক বৰদলৈ
  • গৌৰীপুৰত আব্দুছ ছুবাহান আলী সৰকাৰ
  • গোৱালপাৰা পশ্চিমত মাৰ্কলিন মাৰাকক প্ৰাৰ্থিত্ব
  • বঙাইগাঁৱত গিৰীশ বৰুৱা
  • বৰপেটাত মহানন্দ সৰকাৰ
  • লামডিঙত স্বপন কৰ
  • সোণাৰিত উত্পল গগৈ
  • বিহপুৰীয়াত নাৰায়ণ ভূঞা
  • জোনাইত ৰাজু মেদক
  • চাবুৱা-লাহোৱালত প্ৰাঞ্জল ঘাটোৱাৰ
  • ডিমৌত অজয় কুমাৰ গগৈ
  • মাজুলীত ইন্দ্ৰনীল পেগু
  • টীয়কত পল্লৱী শইকীয়া গগৈ
  • গোলাঘাটত বিতোপন শইকীয়া
  • বোকাজানত ৰতন ইংতি
  • ৰংহাঙত আগষ্টিন ইংহি
  • লক্ষীপুৰত শান্তি কুমাৰ সিংহ
  • বৰখলাত অমিত কুমাৰ কলৱাৰ
  • দুলীয়াজানত ধ্ৰুৱ গগৈ
  • শিলচৰত অভিজিৎ পাল
  • সোণাইত আমিনুল হক লস্কৰ
  • উঃ কৰিমগঞ্জত জাকাৰিয়া আহমেদ
  • পাথাৰকান্দিত কাৰ্তিক সেন সিনহা
  • ৰামকৃষ্ণ নগৰত সুৰুচি ৰয় 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *