ডিজিটেল ডেস্কঃ T20 বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত নিউজীলেণ্ডক হৰুৱাই বিজয় সাব্যস্ত কৰিলে ভাৰতে। ‘মেন ইন ব্লু’ৰ ৰানৰ পাহাৰ দেখি দিশহাৰা হৈ পৰিল কিৱি বাহিনী।
টাৰ্গেট আছিল ২৫৬ ৰানৰ, কিন্তু লক্ষ্যত উপনীত হোৱাৰ চেষ্টা কৰিও বিফল হ’ল নিউজীলেণ্ডে। ভাৰতীয় বেটাৰৰ বিস্ফোৰক বেটিঙত দিশহাৰা নিউজীলেণ্ডৰ বলাৰ।
ভাৰতৰ হৈ দুই অপেনাৰ সঞ্জু ছেমছন আৰু অভিষেক শৰ্মাৰ বিস্ফোৰক আৰম্ভণিয়ে অনন্য মাত্ৰা প্ৰদান কৰে। পূৰ্বৰ পৰা ফৰ্ম বিচাৰি নোপোৱা অভিষেক শৰ্মাই অৱশেষত ফাইনেলত ফৰ্মলৈ উভতি আহে।
২১ বলত বিস্ফোৰক ৫২ ৰান কৰি অভিষেক শৰ্মা আউট হয়। তাৰ বিপৰীতে ৪৬ বলত ৮৯ ৰানৰ ইনিংছ খেলে সঞ্জু ছেমছনে। একেদৰে ঈশান কিষাণৰ বেটৰ পৰা আহে ২৫ টা বলত ৫৪ ৰান।
ভাৰতৰ ২৫৬ ৰানৰ লক্ষ্যক অনুসৰণ কৰি কেৱল ১৫৯ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হ’ল নিউজীলেণ্ডে। ভাৰতে ইয়াৰ দ্বাৰা কেইবাটাও ৰেকৰ্ড কৰিবলৈ সক্ষম হয়।
আজিৰ মেচখনত জয়ী হৈ একেৰাহে দুবাৰকৈ T20 বিশ্বকাপ জয়ী প্ৰথমটো দলত পৰিণত হ’ল ভাৰত। একেদৰে কোনো দলে বৰ্তমানলৈকে নিজ দেশত অনুষ্ঠিত T20 বিশ্বকাপত জয়ী হোৱা নাছিল। সেই গৌৰৱো অৰ্জন কৰি সকলোকে চেৰ পেলালে ভাৰতে। কেৱল এয়াই নহয়, ৩ বাৰকৈ T20 বিশ্বকাপ দখল কৰা প্ৰথমটো দলত পৰিণত হ’ল ভাৰত।
