ডিজিটেল ডেস্কঃ অংক মাষ্টৰৰ ৰূপত অৱতীৰ্ণ হৈছে বিজেপি। আগন্তুক বিধানসভা নিৰ্বাচনত ৪০ শতাংশ ভোট লাভৰ অংক কৰি আজি বিজেপিয়ে প্ৰদান কৰিব অৰণোদয়। ৰাজ্যৰ ৪০ লাখ মহিলাৰ একাউন্টত মঙলবাৰে সোমাব ৯ হেজাৰকৈ টকা।
আৰু মাজত মাত্ৰ কেইটামান ক্ষণ, পুৱা ১০.৩০ বজাত ৪০ লাখ মহিলাৰ একাউন্টত সোমাব টকা। এই অনুসৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত কেন্দ্ৰীয়ভাৱে এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু ৰাজ্যৰ আন আন প্ৰান্ততো বহুকেইখন সভা সম্পন্ন হ’ব।
৩,৬০০ কোটি টকা ব্যয়েৰে চৰকাৰে অৰুণোদয় প্ৰদান কৰিবলৈ আগবাঢ়িছে। একে সময়তে একেলগে মহিলাসকলৰ একাউন্টত টকা সোমোৱাব চৰকাৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এইবাৰ বিজেপিয়ে ৪০ শতাংশ ভোট যাতে লাভ কৰে তাৰ বাবে এই প্ৰচেষ্টা আগবঢ়াব।
২,৫০০ পঞ্চায়ত, ডিমা হাছাও, কাৰ্বি আংলং আৰু বিটিচি পৰিষদীয় এলেকাত বিভিন্ন সভা সম্পন্ন হ’ব আু এই সভাৰ সময়তে চৰকাৰে অৰুণোদয়ৰ ধন প্ৰদান কৰিব। নিৰ্বাচনত জয়ী হ’বলৈ সম্ভাৱ্য সকলো পন্থাই বিজেপিয়ে গ্ৰহণ কৰিছে।
অৰুণোদয় প্ৰদান কৰি ৩,৬০০ কোটি টকা ব্যয় কৰিবলৈ আগবঢ়া চৰকাৰে এই বৰ্ষত চৰকাৰে মহিলা উদ্যমিতা আঁচনিৰ অধীনত ব্যয় কৰিলে ৩৯১ কোটি টকা। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ বাবদ ব্যয় কৰিলে ২৫ কোটি টকা।
একেদৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান আঁচনিৰ বাবদ ৭৭৩ কোটি টকা ব্যয় কৰিলে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে চাহ শ্ৰমিকৰ একাউন্টত ৫০০০ টকাকৈ দি ব্যয় কৰিব ৩৪২ কোটি টকা। এনেদৰে বিভিন্ন শিতানত ধন খৰচ কৰি ভোট লাভৰ চেষ্টা বিজেপিৰ।
