ডিজিটেল ডেস্কঃ বিজেপিৰ বহুকেইগৰাকী নেতাৰ পাখি কটা যোৱাৰ সম্ভাৱনা প্ৰায় স্পষ্ট হৈছে। এই তালিকাত নাম সোমাব পাৰে বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা সোণোৱাল মন্ত্ৰীসভাৰ মন্ত্ৰী ভৱেশ কলিতাৰ।
ইতিমধ্যে নেতাগৰাকীৰ পৰা টিকট আঁজুৰি আনিবলৈ কেইবাগৰাকী নেতাই মন মেলিছে। প্ৰতিগৰাকী নেতাই নিজৰ শক্তি বৃদ্ধি কৰি মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে।
একেদৰে বৰ্তমানৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ সৈতেও একপ্ৰকাৰৰ সম্পৰ্ক ভাল নহয় ভৱেশ কলিতাৰ। যাৰ সুযোগ ল’ব পাৰে কোনো নতুন নেতাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা দিলীপ শইকীয়া কোনো এগৰাকী নেতাই ভৱেশ কলিতাৰ প্ৰাৰ্থিত্বক লৈ এতিয়ালৈকে স্পষ্ট মন্তব্য কৰা নাই।
আজি সাংবাদিকে সোধা প্ৰশ্নত কৌশলী মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কাষত ভৱেশ কলিতা থকাৰ পাছতো মুখ্যমন্ত্ৰীয়ে ৰঙিয়াত প্ৰতিদ্বন্দ্বিতা আছে বুলি মন্তব্য কৰে।
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ক’লে যে, ৰঙিয়াত যিজনে টিকট বিচাৰিব তেওঁতো আমাৰ বিজেপিৰে হয়৷ গতিকে ভৱেশ কলিতাকে যে বিজেপিয়ে টিকট দিব সেই কথা বৰ্তমানলৈকে অনিশ্চয়তাত। গতিকে পাখি নাকাটিলেও অন্য সমষ্টিত বিজেপিয়ে ভৱেশ কলিতাক সংস্থাপিত কৰিব পাৰে।
