ডিজিটেল ডেস্কঃ প্ৰাৰ্থী তালিকা ঘোষণা কৰিবলৈ সাজু হৈছে বিজেপি। অসম গণ পৰিষদৰ সৈতে ইতিমধ্যে আসনৰ ভাগ বাটোৱাৰাক লৈ আলোচনাত বহিছে বিজেপি নেতৃত্ব। ১৫ মাৰ্চৰ ভিতৰত বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ’ব বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
ইফালে অসম গণ পৰিষদৰ বাবে শুভেচ্ছা জনাইছোঁ বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘অসম গণ পৰিষদলৈ আমাৰ শুভেচ্ছা আছে তেওঁলোকৰ দলৰ শক্তি আৰু বৃদ্ধি পাওঁক।’
উল্লেখ্য যে, বিটিচিত UPPLৰ লগ এৰি ইতিমধ্যে বিপিএফৰ সৈতে মিত্ৰতাৰ সম্পৰ্কত বান্ধ খাইছে বিজেপিয়ে। বিটিচিত ১১ খন আসনত হাগ্ৰামা মহিলাৰীৰ বিপিএফে নিৰ্বাচন খেলাৰ বিপৰীতে ৪খন আসনৰ নিৰ্বাচন খেলিব বিজেপিয়ে।
বাকী আসনৰ ক্ষেত্ৰত দেৰগাঁৱৰ লগতে আন কেইবাখনো অগপৰ দখলত থকা আসন বিজেপিয়ে নিজৰ হাতলৈ আনি তাত নিৰ্বাচন খেলিব বুলি সদৰী কৰিছে। সেই অনুসৰিয়েই অগপৰ ভিতৰত কিছু পৰিমাণে বিদ্ৰোহো পৰিলক্ষিত হৈছে। যাৰ বাবে কেইবাগৰাকীও অগপ নেতাই ইতিমধ্যে দল ত্যাগ কৰি যোগ দিছে কংগ্ৰেছত।
আজি মুখ্যমন্ত্ৰীগৰাকীয়ে মিত্ৰতাৰ প্ৰসংগত কয় যে, ‘আমাৰ ইতিমধ্যে অসম গণ পৰিষদৰ লগত আলোচনা হৈ গৈছে। অতুল বৰা, কেশৱ মহন্তৰ লগত অলপ আলোচনা আছে।’ এই আলোচনা ১৫, ২০ মিনিটৰ বুলিও ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে।
