ডিজিটেল ডেস্কঃ ৰাইজৰ দলৰ সৈতে মিত্ৰতা নকৰে কংগ্ৰেছে। এই কথা একপ্ৰকাৰে স্পষ্ট কৰি দিলে কংগ্ৰেছ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। কংগ্ৰেছ নেতাগৰাকীয়ে আজি সামাজিক মাধ্যমত এক পোষ্ট কৰি এইটো বিষয়ৰ পৰা সাময়িকভাৱে আঁতৰি থকাৰ কথা সদৰী কৰে।
গৌৰৱ গগৈয়ে সামাজিক মাধ্যমত লিখিছে, ‘অসমৰ ৰাইজে বিচৰাৰ দৰেই আগন্তুক বিধানসভা নিৰ্বাচনত একত্ৰিত বিৰোধী হিচাপে প্ৰতিদ্বন্দিতা কৰাৰ স্বাৰ্থত আমি ৰাইজৰ দলৰ সৈতে মিত্ৰতা কৰিবলৈ বিচাৰিছিলো। কিন্তু অতি দুৰ্ভাগ্যজনকভাবে বহু চেষ্টাৰ মূৰতো ৰাইজৰ দলৰ সৈতে আমি মিত্ৰতাৰ ক্ষেত্ৰত অসমৰ ৰাইজে বিচৰা ধৰণেৰে এক সুবিধাজনক আৰু আশাপদ পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হ’ব পৰা নাই।’
গগৈয়ে লগতে লিখিছে, ‘নিৰ্বাচনী মিত্ৰতাৰ প্ৰথম লক্ষ্যই হৈছে আসনসমূহৰ জয়ী হোৱাৰ সম্ভাৱনাৰ বাস্তৱ দিশটোক বিশেষ গুৰুত্ব প্ৰদান কৰা। এই দিশটোৰ প্ৰতি দৃষ্টি ৰাখিও আমি বহল দৃষ্টিভংগীৰে আসন এৰা-ধৰাৰ মাজেৰেই বিষয়টো আগুৱাই লৈ গৈছিলো। কিন্তু বিভিন্ন কাৰণত আমাৰ দুয়োটা দলৰ মাজৰ মিত্ৰতাৰ বিষয়টো ৰাইজে বিচৰা ধৰণেৰে গঢ়ি তুলিবলৈ সক্ষম হ’ব পৰা নাই। সেয়েহে সম্প্ৰতি ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ বিষয়টোৰ পৰা অলপ সময়ৰ বাবে বিৰতি লৈছো। পৰৱৰ্তী সময়ত এই বিষয়টো আমি পুনৰ বিবেচনা কৰিম।’
ইফালে অখিল গগৈয়েও গৌৰৱ গগৈ তথা ৰকিবুল ইছলামৰ প্ৰসংগত দুদিন পূৰ্বে কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছিল। গতিকে এনে প্ৰেক্ষাপটত ৰাইজৰ দলক বাদ দি বাকী অধিকাংশ দলৰ সৈতে যে কংগ্ৰেছৰ মিত্ৰতা হ’ব সেই কথা স্পষ্ট হৈছে।
