অসমত নাইকীয়া হ’ব নেকি ৰন্ধন গেছ, কি পৰিকল্পনা হিমন্ত বিশ্ব শৰ্মাৰ?

ডিজিটেল ডেস্কঃ ৰাজ্যত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি তথা বাণিজ্যিক চিলিণ্ডাৰৰ নাটনিৰ প্ৰসংগত বিভিন্ন প্ৰশ্নৰ সৃষ্টি কৰিছে। ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৬০ টকাকৈ বৃদ্ধি আৰু বাণিজ্যিক চিলিণ্ডাৰত ১১৪ টকাকৈ বৃদ্ধিয়ে বিপদত পেলাইছে সকলোকে। 
এই মূল্যবৃদ্ধিৰ লগে লগে ৭ মাৰ্চৰ পৰা ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হৈছেগৈ ৯৬২ টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হৈছেগৈ ২০৮১ টকা। এই মূল্যবৃদ্ধিৰ পূৰ্বে ঘৰুৱা চিলিণ্ডাৰৰ দাম আছিল ৯০২ টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হৈছেগৈ ২০৮১ টকা। 
কেৱল এয়াই নহয় বিভিন্ন প্ৰান্তত এতিয়া বাণিজ্যিক চিলিণ্ডাৰৰ নাটনি পৰিলক্ষিত হৈছে। বিভিন্ন এজেন্সিত বাণিজ্যিক চিলিণ্ডাৰ নাইকীয়া হৈছে। নিৰ্দিষ্ট কিছু ঠাই তথা উপভোক্তাক হে বাণিজ্যিক চিলিণ্ডাৰ প্ৰদান কৰা হৈছে। 
ইফালে অসমত ঘৰুৱা ৰন্ধন গেছৰ নাটনি নহয় বুলি আজি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৪০ খন দেশৰ পৰা গেছৰ আমদানি কৰিবলৈ লোৱা বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ৰাছিয়ায়ো ভাৰতলৈ গেছ ৰপ্তানি কৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। লগতে কয়, ভাৰতত ৰন্ধন গেছৰ অভাৱ হ’বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিদিয়ে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *