হিমন্তৰ ৰাজ্যলৈ হেমন্ত আহিছে, অখিল-হেমন্ত-কেজৰিৱালৰ ৰাজ্যত তৃতীয় মৰ্চাৰ কুচকাৱাজ!

অতি সংগোপনে অসমৰ ৰাজনীতিত আৰম্ভ হৈছে নেকি তৃতীয় মৰ্চা গঠনৰ কুচকাৱাজ ?
কংগ্ৰেছৰ সৈতে মিত্ৰতা কেন্দ্ৰিক সংঘাতৰ পাছত নতুন ৰাজনৈতিক পৰিকল্পনা লৈছে নেকি ৰাইজৰ দলে ?
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণৰ অসম ভ্ৰমণৰ জেৰ টানিয়েই আৰম্ভ হৈছে তৃতীয় মৰ্চাৰ চৰ্চা।  মঙলবাৰে বিশ্বনাথ জিলাত উপস্থিত হৈছিল পূৰ্বাঞ্চলৰ শক্তিশালী আদিবাসী নেতা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণ। নিৰ্বাচনৰ পূৰ্বে বিশ্বনাথ জিলাত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাক লৈ সৃষ্টি হৈছে অখেল প্ৰশ্ন। বিশ্বনাথ জিলাৰ চাহ জনগোষ্ঠীয় অধ্যুষিত মেজিকাজানত অনুষ্ঠিত সভাত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে অংশগ্ৰহণ কৰাৰ কথা আছিল অখিল গগৈয়ে।কিন্তু শেষ মূহুৰ্তত উক্ত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ।
চৰ্চা অনুসৰি, ২৬ অসমৰ চাহ জনগোষ্ঠীয় ভোটাৰৰ থকা বিধানসভা সমষ্টিত প্ৰাৰ্থী থিয় কৰাৰ কুচকাৱাজ কৰিছে JMM য়ে। শেহতীয়াকৈ,কংগ্ৰেছৰ সৈতে কিছু মতানৈক্য সৃষ্টি হৈছিল ইণ্ডি এলায়েঞ্চৰ সহযোগী দল 'ঝাৰখণ্ড মুক্তি মৰ্চা'ৰ।
বিহাৰত কংগ্ৰেছ আৰু RJD ৰ বৃহৎ ব্যৱধানত পৰাস্ত হোৱাৰ পাছত ইণ্ডি এলায়েঞ্চৰ প্ৰতি মোহভংগ হৈছিল হেমন্ত ছোৰেণৰ নেতৃত্বাধীন JMM। চৰ্চা অনুসৰি,অসমৰ চাহ অধ্যুষিত ৫ টা বিধানসভা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পাৰে ঝাৰখণ্ডৰ মুক্তি মৰ্চাই। চলিত বৰ্ষৰ ২১ জানুৱাৰীত ঝাৰখণ্ড মুক্তি মৰ্চাৰ কেইবাজনো মন্ত্ৰীয়ে ভ্ৰমণ কৰিছিল বিশ্বনাথ জিলা। অসমৰ ৬৬ নং বৰছলা সমষ্টি, বিহালী বিধান সমষ্টি, গোঁসাইগাওঁ সমষ্টি, ঢেকিয়াজুলি সমষ্টি, মাৰ্ঘেৰিটা। বিশেষ সূত্ৰৰ খবৰ অনুসৰি, JMM,আম আদমী পাৰ্টি আৰু ৰাইজৰ দলে মিলি ৰাজ্যত গঠন কৰিব পাৰে তৃতীয় মৰ্চা। 
শেহতীয়াকৈ,অসম ভ্ৰমণলৈ অহা ঝাৰখণ্ডৰ কেবিনেট মন্ত্ৰী ছামাৰা লিণ্ডাৰ সৈতে গোপন বৈঠকত বহিছিল অখিল গগৈ। ঝাৰখণ্ডৰ পৰা অহা প্ৰতিনিধিৰ দলটোৰ সৈতে ২৬ ৰ নিৰ্বাচনক লৈ বিশেষ আলোচনাত বহিছিল অখিল গগৈ। উল্লেখযোগ্য যে,মাৰ্চ মাহৰ শেষৰফালে অসমত APP ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব অৰবিন্দ কেজৰিৱাল। দিল্লীৰ সুৰা কেলেংকাৰিৰ অভিযোগত দোষমুক্ত কেজৰিৱালৰ সৈতে বৈঠকত কৰাৰ সম্ভাৱনা আছে অখিল গগৈয়ে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *